
উত্তৰ প্ৰদেশৰ এখন গাঁওত এগৰাকী মহিলাই অলপতে এটা তিনিটা মূৰ থকা শিশুক জন্ম দিয়ে।উল্লেখ যোগ্য যে ৰাগিনী নামৰ এই মহিলা গৰাকীয়ে নিজৰ গৰ্ভকালীন অৱস্থাত নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাই থকাৰ পিছতো চিকিৎসকৰ দৃষ্টিত একো অস্বাভাৱিকতা ধৰা পৰা নাছিল।পিছত ৰাগিনীয়ে তিনিটা মূৰ থকা শিশুটোক স্বাভাৱিক ভাবেই জন্ম দিয়ে আৰু সেই খবৰ পাই গাওঁবাসী আহি তেওঁৰ ঘৰত ভিৰ কৰে শিশুটোক ভগৱানৰ অৱতাৰ বুলি শিৰ নত কৰিবলৈ ।শিশুটিৰ প্ৰধান মূৰটোৰ দৰেই বাকীকেইটা মূৰো সম্পূৰ্ণ পৰিপক্ক বুলি পৰিয়ালৰ লোকে জনাইছে। অৱেশ্য প্ৰধান মূৰটো চিধাকৈ ৰাখিবলৈ গৈ ঠিক পিছফালে থকা মূৰটো ভাঙি যোৱাৰ আশঙ্কাত ভুগি আছে যদিও শিশুটি সুস্থ অৱস্থাতে আছে ।উল্লেখযোগ্য যে চিকিৎসকে এইটো জন্মগত বিষংগতি বুলি ঘোষণা কৰিছে যদিও আজিৰ একবিংশ তিকাতো গাওঁবাসীয়ে শিশুটোক ভগৱানৰ অৱতাৰ বুলি নিতৌ পূজা সেৱা আগবঢ়াই আছে।