ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈছিল।গেংটকৰ পৰা উভতি অহাৰ পথত যোৱা ১৯ নৱেম্বৰত উশাহ-নিশাহত কষ্ট অনুভৱ কৰে পতি পত্নীয়ে।পত্নীয়ে প্ৰাথমিক চিকিৎসাৰ অন্তত সুস্থ হৈ যদিও অৱস্থা গুৰুতৰ হৈ পৰে মুনজিৎ দাসৰ।ইয়াৰ পিছতে মুনজিতক কোচবিহাৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা তাতেই শেষ নিশ্বাস ত্যাগ কৰে।সােমবাৰে পুৱা তেওঁৰ মৃতদেহ ৰঙিয়া আহি পোৱাৰ পিচতে শেষকৃত্য সম্পন্ন কৰা হয়।উল্লেখ্ যোগ্য যে এমটেক ডিগ্ৰীধাৰী মুনজিৎ দাসে অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিগ্রীও লাভ কৰি ৰঙিয়াত থাকিয়েই আমেৰিকান কোম্পানী এটাৰ প্ৰজেক্টত কাম কৰি আছিল।

About the author

+ posts