গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা।পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এজন লোকক গুলীয়াই লুটি নিলে নগদ ধন। মূৰত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ GMCHত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।গ্লেমাৰ বাইকত আছিল দুৰ্বৃত্ত।আনহাতে ,ৱেগ’নাৰ বাহনৰ ভিতৰত আছিল গুলীবিদ্ধ ৰঞ্জিত বৰা।বেংকত ধন জমা কৰিব আহোতে মূৰত গুলীয়াই বৰাক।লগে লগে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলীবিদ্ধ ৰঞ্জিত দাসক GMCH লৈ প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।ৰঞ্জিত বৰাৰ বাহনখনৰ নম্বৰ AS01 BH5022।
পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।

About the author

+ posts