ৰাসৰ আনন্দৰ মাজতে নলবাৰীত অঘটন।বুধবাৰে নিশা ৰাসত চাওমিন খাইছিল কিশোৰীগৰাকীয়ে।অস্থায়ী বিপণীত চাওমিন খোৱাৰ পাছতেই অসুস্থ হৈ মৃত্যু হয় কিশোৰীগৰাকীৰ ।মৃত কিশোৰীগৰাকী নাজমিন চুলতানা বুলি জানিব পৰা গৈছে।নলবাৰী–বৰমা ৰোডৰ মেৰাজুল হকৰ বাৰ বছৰীয়া কন্যা আছিল নাজমিন।জানিব পৰা মতে, বুধবাৰে নিশা নলবাৰী ৰাসত ককাকৰ লগত ৰাস চাবলৈ গৈ এখন অস্থায়ী বিপণীত চাওমিন গ্ৰহণ কৰি অসুস্থ হৈ পৰাত সাৰথি নামৰ চিকিৎসাল়য়খনত ভৰ্তি কৰায় পৰিয়ালৰ লোকে ।কিন্তু দুৰ্ভাগ্যজনকভাবে কিছু সময় পিছতেই মৃত্যুক সাৱটি লয় কিশোৰী গৰাকীয়ে।

About the author

+ posts