সমগ্ৰ দেশতে চলি থকা কংগ্ৰেছৰ ভাৰত যোৰো যাত্ৰাই অসমত ধুবুৰীৰ পৰা শদিয়ালৈকে ৮৫৫ কিলোমিটাৰজোৰা পথ অতিক্ৰম কৰিব বুলি জানিব পৰা গৈছে৷ আজি বঙাইগাঁও জিলাৰ বইটামাৰী নিত্য বজাৰত অনুষ্ঠিত এই সমদলত সহস্ৰাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷উল্লেখ যোগ্য যে আজি বঙাইগাঁও জিলাত চলা অভিযানত যোগদান কৰি , বিজেপিৰ বিৰুদ্ধে সমালোচনাত সৰব হৈ পৰে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ এআইইউডিফৰ মাজত গোপন বুজাবুজিৰ অভিযোগ তুলি বৰাই লোকসভা নিৰ্বাচনত কংগ্ৰেছে আঠখন আসন লাভ কৰিব পাৰে বুলি দাবী কৰে৷ দল দুটাৰ মাজত গোপন বুজাবুজিৰ অভিযোগ তুলি বৰাই কয়, বিজেপিয়ে এআইইউডিফক ধুবুৰী লোকসভাকে ধৰি দুখন আসন এৰি দিছে৷ বঙাইগাঁৱত ভাৰত জোৰো যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সংগ দিয়ে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ আৰু অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে৷

About the author

+ posts