জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত বৰ্ঞ্জৰ পদক নিশ্চিত কৰিলে অসমৰ লাভলিনা বৰগোহাঁইয়ে। শনিবাৰে লাভলিনাই ৭৫ কিলোগ্ৰাম শাখাত কাজাখস্তানৰ ভেলেণ্টিনা খালজোভা (Valentina Khalzova)-ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।শনিবাৰে নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই এখন তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ খেলত খালজোভাৰ বিৰুদ্ধে ৩-২ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে অসমৰ ২৫ বছৰীয়া বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পিকত ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

আনহাতে চলিত প্ৰতিযোগিতাখনত অসমৰ অংকুশিতা বড়ো(২২)-এ ৫৫ কিলোগ্ৰাম শাখাত জাপানৰ চুবাটা আৰ্চিয়া (Tsubata Arsia)-ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।অৱশ্যে, ৭০ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হোৱা এইটো ভাৰতৰ পূজা প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব লগীয়া হৈছে। তেওঁ নিজৰ অন্তিমখন খেলত কাজাখস্তানৰ দাৰিগা শ্বাকিমোভা (Dariga Shakimova)-ৰ হাতত ০-৫ ব্যৱধানত পৰাস্ত হয়।

ইয়াৰ পূৰ্বে শনিবাৰে নবাগত বক্সাৰ মিনাক্ষী (৫২ কিলোগ্ৰাম), প্ৰীতি (৫৭ কিলোগ্ৰাম) আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী পাৰবীনে ছেমিফাইনেলত স্থান নিশ্চিত কৰে।

About the author

+ posts