নিজৰ জীৱনৰ কথা চিন্তা নকৰি এজন লােকক জীৱন্তে উদ্ধাৰ কৰি দেশজুৰি প্ৰশংসিত হ’ল অসম আৰক্ষীৰ এজন বিষয়া।এনে দুঃসাহসিক কামৰ বাবে অসম আৰক্ষীৰ ডিজিপিৰ সোণৰ পদকেৰে সন্মানিত হ’ল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰী।মংগলবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ডিজিপি ভাস্কৰজ্যোতি মহন্তই বসুমতাৰীক প্রদান কৰে সোণৰ পদক।
উল্লেখ্য যে সােমবাৰে নদীত জঁপিয়াই আত্মহত্যা কৰিব বিচৰা এগৰাকী ব্যক্তিক আৰক্ষী পৰিদর্শক বসুমতাৰীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাহসিকতাৰে প্ৰাণ ৰক্ষা কৰিছিল।

About the author

+ posts