অজয় কুমাৰ প্ৰসাদ নামৰ ৰিক্সাচালক এজনে হাতৰ পিষ্টল দেখুৱাই পল্টনবজাৰত দেওবাৰে নিশা ভাবুকি প্ৰদান কৰিছিল মানুহক।এই বিষয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত ৰিক্সাচালক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ জাঁই সজীৱ গুলীসহ পিষ্টলটো জব্দ কৰে।জানিব পৰা মতে, ধৃত ৰিক্সাচালক অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত। উল্লেখযোগ্য যে অসমত ৰিক্সাচালক হিচাপে কৰ্মৰত অজয়ে লকডাউনৰ সময়ত বিহাৰলৈ উভতি গৈছিল যদিও কিছুদিন পূৰ্বে পুনৰ অসমলৈ আহি গুৱাহাটীত ৰিক্সা চলাবলৈ আৰম্ভ কৰে।ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনৰ পৰা গ্ৰেপ্তাৰ কৰা পিষ্টলটো ফৰেনচিকলৈ প্ৰেৰণ কৰিছে।

About the author

+ posts