হোজাইত আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা। মহাবিদ্যালয় খনৰ ছোৱালী হোষ্টেলৰ দ্বিতীয় মহলাৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে ছাত্ৰী গৰাকীয়ে। ছাত্ৰী গৰাকী দৰং জিলাৰ আছীমা বেগম বুলি জানিব পৰা গৈছে। ছাত্ৰী গৰাকী মূৰ, মুখ আৰু ভৰিত গুৰুতৰ বাবে হৈছে আঘাতপ্ৰাপ্ত হৈছে। ইফালে আঘাত গুৰুতৰ হোৱাত ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। নিজামউদ্দীন বৰভূঞা নামৰ লোকজনৰ ঘৰত ভাড়াত চলি আছে আজমল আইন মহাবিদ্যালয়ৰ হোষ্টেলটো। ইতিমধ্যে আৰক্ষীয়েও ঘটনা সংক্ৰান্তত অনুসন্ধান চলাই আছে।

About the author

+ posts