ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয় ,”আমি আজিকালি এটাও চাকৰি দিব নোৱাৰো। মোৰ ওচৰত চাকৰি বিচাৰি আহিলে মই হাতযোৰ কৰি ক্ষমা বিচাৰো। দালাল চক্ৰ থাকেই, কিন্তু তেওঁলোকে চাকৰি দিব নোৱাৰে। সকলোৱে সচেতন হ’ব লাগিব।তেওঁ কয়- কেইদিনমান আগত মোৰ সমষ্টিৰ এগৰাকী মণ্ডল সভানেত্ৰীয়ে ল’ৰাৰ চাকৰি বিচাৰি মোৰ ওচৰলৈ আহিছিল। মই হাতযোৰ কৰি ক্ষমা বিচাৰি উভতাই পঠিয়াইছো। এতিয়া আমি চাকৰি দিয়াৰ পৰিৱেশ নাই।তাৰোপৰি সোমবাৰে মহানগৰীত ৭ গৰাকীকৈ দালাল গ্ৰেপ্তাৰ হোৱা প্ৰসংগত তেওঁ কয় যে, দালালৰ পৰা সাৱধান হ’ব লগিব সকলোৱে। তেওঁলোকে চাকৰি দিব নোৱাৰে।লগতে ভিক্টৰ দাস প্ৰসংগত তেওঁ কয় যে ভিক্টৰ দাসে কোনো তথ্য দিব পৰা নাই। মিছা কথা কৈ আইন উলংঘা কৰিছে ভিক্টৰে। মিছা কথা কৈ বিপথে পৰিচালিত কৰাৰ অধিকাৰ কাৰো নাই।

About the author

+ posts