২৬ হাজাৰ পদৰ নিযুক্তিত কেলেংকাৰী হোৱাৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস। অসম আৰক্ষীয়ে এটা টুইটত কয়,যে ভুৱা উৰাবাতৰি প্ৰচাৰ কৰি চৰকাৰী পদত বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত মতানৈক্য জগাই তোলাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাসক।’ইফালে, ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে এইবাৰ নিযুক্তি কেলেংকাৰীক লৈ বিস্ফোৰণ ঘটাইছে অম্লানজ্যোতি দত্ত নামৰ আন এজন শিক্ষাৰ্থীয়ে। অম্লানজ্যোতি দত্ত নামৰ যুৱকজনে তৃতীয় বৰ্গৰ চাকৰিৰ এটা পদৰ বিনিময়ত তেওঁৰ বন্ধুৰ পৰা ৭ লাখ টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছে।
অম্লানজ্যোতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেঁৱো পৰীক্ষা দিছিল। তেওঁক পইচা বিচৰা নাই। কিন্তু তেওঁৰ লগৰ বহুতকে পইচা বিচাৰিছিল। ৭ লাখ টকা দুটা কিস্তিত দিবলৈ কোৱা হৈছিল। ব্ৰ’কাৰ টাইপৰ মানুহে বিচাৰাৰ তথ্য আছে। তেওঁৰ লগৰ ৫–৬জন মানক পইচা বিচাৰিছে। পৰীক্ষাৰ পিছত বিচৰা হৈছিল টকা।

About the author

+ posts