অলপতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই বিপদত পৰিবলগীয়া হ’ল ভিক্টৰ দাস নামৰ এগৰাকী যুৱক। টুইটাৰত অসম আৰক্ষী সঞ্চালকপ্ৰধান, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক টেগ কৰি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰাৰ পিছত এতিয়া মাৰাথান জেৰা চলাই থকা হৈছে ভিক্টৰক।উল্লেখ্য যে, এটা কোচিং চেণ্টাৰ চলাই থকা বুলি জানিব পৰা ভিক্টৰ দাস নামৰ যুৱকজনে অভিযোগ উত্থাপন কৰিছিল যে বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। একাংশ প্ৰাক্তন বিধায়কে চাকৰি প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকা পৰ্যন্ত দাবী কৰাৰো বিস্ফোৰক অভিযোগং উত্থাপন কৰিছিল ভিক্টৰ দাসে।যুৱকজনৰ এই অভিযোগ সম্পৰ্কীয় টুইটাৰৰ প্ৰত্যুত্তৰ দি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে যুৱকজনক কেলেংকাৰীৰ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছিল। এই সন্দৰ্ভত যুৱকজনক মাৰাথান জেৰাও চলাই আছে আৰক্ষীয়ে।ইফালে সমগ্ৰ অভিযোগ সন্দৰ্ভত এটা স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে এয়া ভিক্টৰ দাসৰ এক পাব্লিচিটি ষ্টাণ্ট বুলিহে সন্দেহ ব্যক্ত কৰে।

About the author

+ posts