চাপৰৰ হাতীপোতাত চাঞ্চল্যকৰ ঘটনা।
নিচাই কাল হ’ল এটা পৰিয়ালৰ।
নিচাসক্ত হৈ নিজ পত্নীক হত্যা কৰাৰ অভিযোগ।
নিহত বোৱাৰীগৰাকীৰ নাম ৰেহেনা খাতুন।

ঘটনা স্থলীত উপস্থিত শালকোচা আৰক্ষী,আটক স্বামী ৰবিয়াল মন্ডল।
চাপৰত পুনৰ বোৱাৰী হত্যা। নিচাসক্ত অৱস্থাত নিৰ্মম ভাৱে মাৰপিট কৰাৰ ফলত মৃত্যুক আকোঁৱালি লোৱাৰ অভিযোগ গৰ্ভৱতী মহিলা ৰেহেনা খাতুনৰ। দীৰ্ঘদিন ধৰি স্বামী ৰবিয়ালে নিচাত আসক্ত হৈ পত্নী ৰেহেনা খাতুনক মাৰপিট কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। দুটি সন্তানৰ মাতৃ আছিল ৰেহেনা খাতুন। ওচৰ চুবুৰীয়াই জানিব দিয়া মতে বুধবাৰ দিনা বোৱাৰী গৰাকীক হত্যা কৰি নাটকীয় ভাৱে পৰিয়ালৰ লোকে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। ঘটনা সংক্ৰান্তত শালকোচা নিশা ঘটনা স্থলীত উপস্থিত হৈ স্বামী ৰবিউলক আটক কৰাৰ উপৰি মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰিক্ষা বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে। উক্ত ঘটনায় তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

About the author

+ posts