গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট প্ৰধান শিক্ষকে।মুক্তাপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰধান শিক্ষকৰ লজ্জ্বাজনক কাণ্ড।পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভনৰে অশ্লীল প্ৰস্তাৱ ছাত্ৰীক।প্ৰধান শিক্ষকৰ চুমা ছাত্ৰীৰ গালত।পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই নিজৰে কেইবাজনী কিশোৰী পৰীক্ষাৰ্থীক সুবিধা জনক ঠাইত বহাৰ তথা ব্যক্তিগত খণ্ডৰ মেধাৱী পৰীক্ষাৰ্থীৰ কাষত বহোৱাৰ উপৰি প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভনেৰে দিয়া অশ্লীল প্ৰস্তাৱ ভাইৰেল হৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসৎ চৰিত্ৰৰ বাবে পূৰ্বেও কেইবামাহ কাল নিলম্বিত হোৱা প্ৰধান শিক্ষকজনৰ এনে অপকৰ্মৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰী পৰীক্ষাৰ্থী কেইগৰাকীৰ ভিতৰৰ এগকাৰী দৰিদ্ৰ পৰিক্ষাৰ্থীৰ অভিভাৱকে স্থানীয় থানাত সুবিচাৰ বিচাৰি এখন এজাহাৰ লগতে কিয়দাংশ অডিঅ’ ক্লিপিং জমা দিছে। জানিব পৰামতে এজাহাৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে ১০৬/২২নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও বাতৰি লিখা পৰলৈকে অভিযুক্তক আটক কৰিব পৰা নাই৷ আনহাতে উক্ত ধুৰন্ধৰ প্ৰকৃতিৰ প্ৰধান শিক্ষকজনৰ লজ্জ্বাজনক কৰ্মকাণ্ডৰ তথ্য শিক্ষা বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই জানিব পাৰি চলিত মেট্ৰিক পৰীক্ষাৰ ভাৰপ্ৰাপ্ত দায়িত্বতৰ পৰা বাৰণ কৰাৰ উপৰিও পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰবেশৰ নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে ।যি কি নহওক ধুৰন্ধৰ প্ৰকৃতিৰ তথা শিক্ষক সমাজক লজ্জ্বানত কৰা প্ৰধান শিক্ষক জনক গ্ৰেপ্তাৰ কৰি দৃস্তান্তমূলক শাস্তি প্ৰদানৰ বাবে এলিকাৰ বৌদ্ধিক মহলে দাবী উত্থাপন কৰিছে।এইপিনে প্ৰধান শিক্ষক গৰাকীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত আজি ৩১ মাৰ্চত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।

About the author

+ posts