বিখ্যাত সুৰকাৰ ,গীতিকাৰ জাভেদ আখটাৰৰ পুত্ৰ তথা বলীউডৰ অভিনেতা ফাৰহান আখতাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ল তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা শিবানী দাণ্ডেকাৰৰ সৈতে। যোৱাকলি, খাণ্ডালাৰ এখন ফাৰ্ম হাউছত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান।
বিবাহ অনুষ্ঠানত প্ৰেমৰ ৰঙেৰে নিজকে সজোৱা শিৱানীয়ে ৰেড গাউন পিন্ধিছিল। তেওঁৰ কইনাৰ সাজৰ ডিজাইন আছিল মণিকা আৰু কৰীশ্মাৰ। ৰঙা ঘাগ্ৰা চোলী পিন্ধা শিৱানীৰ কাণফুলিযোৰ ডিজাইন কৰিছিল গোৱেংকা ইণ্ডিয়াই । ৰুবীৰ ২১৮ কেৰটৰ কাণফুলিযোৰ ৫৫০ কটা বগা আৰু গুলপীয়া হীৰাৰে নিৰ্মিত আছিল, ইয়াক সজোৱা হৈছে ১৮ কেৰেটৰ সোণেৰে। তেওঁ পিন্ধিছিল ৮০ হাজাৰ টকীয়া ৰঙা ৰঙৰ হীল চেন্দেল।
নিজৰ সুন্দৰী পত্নীৰ সৈতে অভিনেতা ফাৰহান আখতাৰেও ক’লা ৰঙৰ টক্সিডো আৰু এযোৰ কুল ছানগ্লাছ পৰিধান কৰি দৰা সাজিছিল ।কেৱল বলীউডৰ তাৰকাই নহয়, ফাৰহান আখতাৰৰ পৰিয়ালেও বিয়াখনত যোগদান কৰে। ফাৰহানৰ প্ৰাক্তন পত্নী বিবাহ অনুষ্ঠানত নাছিল যদিও তেওঁৰ দুই ছোৱালী উপস্থিত থাকে এই বিয়াখনত । ফাৰহানৰ দেউতাক জাভেদ আখতাৰকো যথেষ্ঠ সুখী দেখা গৈছিল আৰু তেওঁ পুত্ৰক এটি সুন্দৰ কবিতা বিয়াৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল ।

About the author

+ posts