গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য এতিয়া শীতৰ শীতল কোলাত । আগন্তুক দুদিনত গুৱাহাটীত অব্যাহত থাকিব প্ৰচণ্ড শীত। ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটীত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেই। পুৱা প্ৰচণ্ড শীত থাকিলেও দুপৰীয়াৰ পৰা আকাশ মুকলি হ’ব।RMCয়ে দিয়া বতৰৰ আগজাননী মতে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত শীতৰ লগতে বৰষুণে জাৰৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনোৱাৰ লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত মহানগৰ গুৱাহাটীত বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

About the author

+ posts