এসময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশত এতিয়া কংগ্ৰেছৰ অৱস্থা যথেষ্ট দুৰ্বল। কিন্তু এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ তথা শাসনাধিষ্ঠ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ আগতীয়াকৈ ৰণত নামি পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ।প্ৰিয়ংকাই উত্তৰ প্ৰদেশৰ কংগ্ৰেছ কৰ্মীৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে আয়োজন কৰিছে ৭০০ প্ৰশিক্ষণ শিবিৰৰ। ৰাজ্যখনৰ কংগ্ৰেছ কৰ্মী সকলক অনাগত নিৰ্বাচনত যুঁজ দিয়াৰ বাবে ভিডিঅ’ কনফাৰেঞ্চ যোগে প্ৰশিক্ষণ দিছে। অনাগত নিৰ্বাচনত “উত্তৰ প্ৰদেশত লোকতন্ত্ৰ প্ৰতিষ্ঠা” শীৰ্ষক শ্লোগানৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ।যোগী চৰকাৰৰ আমোলৰ বিফলতা সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে তৃণমূল কৰ্মীক উপদেশ দিছে প্ৰিয়ংকাই। বিগত দিনকেইটিত পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত ডেংগুত আক্ৰান্ত হৈ বহু শিশুৰ মৃত্যু হোৱা ঘটনাকো ইছ্যু হিচাপে ল’ব কংগ্ৰেছে। পিছে অভিজ্ঞ ৰাজনীতিবিদ হিচাপে পৰিচিত যোগী আদিত্যনাথ অথবা শাসকীয় বিজেপিক প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কিমানদূৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হব সেয়া নিৰ্বাচনী ফলাফলৰ পিচতহে স্পষ্ট হ’ব।

About the author

+ posts