আজি গুৱাহাটীৰ হোটেল “প্ৰাগ কণ্টিনেণ্টেল”ত অসম জাতীয় পৰিষদৰ উপ-সভাপতি ইজৰাইল নন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত “জাতীয় সংখ্যালঘু শক্তি” নামেৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনটো আনুষ্ঠানিকভাৱে গঠন কৰা হয়। ব্ৰুন এক্কা সভাপতি আৰু ৰমজান আলিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷ আজিৰ অভিৱৰ্তনত “অসম জাতীয় পৰিষদ”ৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অদীপ ফুকন, চমচেৰ সিং, প্ৰণিতা ডেকা আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জাতীয় মহিলা শক্তিৰ উপ-সভাপতি মামণি তালুকদাৰ অতিথি হিচাপে উপস্থিত থাকি সাংগঠনিক দিশত পৰ্যালোচনাৰে বক্তব্য আগবঢ়ায়। আজি গঠিত হোৱা “জাতীয় সংখ্যালঘু শক্তি”ত জিয়াবুৰ ৰহমান খানক কাৰ্যকৰী সভাপতি, দৰ্শন সিং ৱালিয়া, অনুপ কন্দপান, চাজিফুৰ ৰহমান, মানিক আলি আহমেদ, অনুপ কন্দপান, ৰঞ্জিত সিং, মনিৰুজ চৌধুৰী, সৌৰভ বিজৈন, জিমি গঠৰ, ফজলুল হক খান, জন কেৰকেটাক উপ-সভাপতি কুলদীপ সিং, অজিউদ্দিন বৰভূঞা, জাকিৰ হুছেইন, ভায়ালিন স্তকমেন, চুলতানা, ৰুকচানা বেগম, চৈয়দা মেৰিদা বেগম, নবিৰ আলি, আজমল আলি আৰু জাহিদুল ইছলামক সম্পাদকৰ দ্বায়িত্ব দিয়া হয় ৷ অন্যহাতে বাবুল হুছেইন লছকৰ, ছমিৰ খান, আতিকুল ইছলাম, জুলহাশ আহমেদ, মোবাৰক হুছেইন, জাহান উদ্দিন শেখ, মজিবৰ ৰহমান, খুৰশিদ আলমক যুটীয়া সম্পাদক হিচাপে লৈ সৰ্বমুঠ ৫১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰে।

About the author

+ posts