পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিব বিচৰা ভোটাৰসকলে বুথ পৰ্যায়ৰ বিষয়াসকলৰ দ্বাৰা প্ৰ–পত্ৰ গ্ৰহণ কৰিব লাগিব৷

পূৰ্বৰ পোষ্টল বেলেটৰ সুবিধাপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল, বিশেষ ভোটাৰ, নিৰ্বাচনী দায়িত্বত থকা ভোটাৰ, অধিসূচিত ভোটাৰৰ উপৰি এইবাৰ ২১ৰ নিৰ্বাচনত পোষ্টল বেলেটৰ সুবিধা লাভ কৰিব বিশেষভাৱে সক্ষম, ৮০ৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ লোক তথা কোভিড আক্ৰান্ত ভোটাৰে। ইয়াৰ বাবে তিনি বিশেষ শ্ৰেণীৰ লোকে আবেদন কৰিব লাগিব।

১৷  প্ৰ–পত্ৰ ১২ (ঘ) যোগে সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আবেদন পত্ৰ দাখিল কৰিব লাগিব৷

২৷ বিশেষ তিনি শ্ৰেণীৰ ভোটাৰৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ প্ৰমাণ পত্ৰ গাঠি দিব লাগিব৷

ইয়াৰ বাবে ৰাজ্যখনৰ জিলা নিৰ্বাচনী বিষয়াসকলে পদ্ধতিগতভাৱে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিব বিচৰা ভোটাৰসকলে বুথ পৰ্যায়ৰ বিষয়াসকলৰ দ্বাৰা প্ৰ–পত্ৰ গ্ৰহণ কৰিব লাগিব৷ নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিসকলৰ ওচৰলৈ বুথ পৰ্যায়ৰ বিষযাসকল স্বাস্থ্য কৰ্মী লগত লৈ নিজে উপস্থিত হ’ব৷ চৰ্ত মাথোঁ নিৰ্দিষ্ট বিএলঅ’ গৰাকীয়ে আবেদন পূৰণ কৰা প্ৰ–পত্ৰ অধিসূচনা জাৰি কৰাৰ ৫ দিন ভিতৰত সংগ্ৰহ কৰিব লাগিব৷

এইক্ষেত্ৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬ মাৰ্চ আবেদন পূৰণৰ অন্তিম সময়৷ এইক্ষেত্ৰত ভোটাৰক সজাগ সচেতন কৰাৰ আহ্বান ৰাজ্যিত নিৰ্বাচনী বিষয়াৰ৷ উল্লেখযোগ্য যে অসমত ৮০ ঊৰ্ধ্বৰ ভোটাৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী৷ বিশেষভাৱে সক্ষম লোক ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী৷ একেদৰে বৰ্তমান কোভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯৷

About the author

+ posts