Photo Credit: India Today

ভোট দিবলৈ যাবলৈ প্ৰস্তুত নে? মাজত মাথো ২৮ দিন, সম্পূৰ্ণকৈ মাজত এটা মাহ নাই প্ৰথম পৰ্যায়ৰ ভোটলৈ। পিছে জানেন এইবাৰ ভোটকেন্দ্ৰলৈ যাওতে মানিব লাগিব কিছু বিশেষ নিয়ম, যি নিয়ম ইয়াৰ পূৰ্বে কোনোদিনে হোৱা নাই ভোটগ্ৰহণৰ সময়ত। যদিও সেই নিয়বোৰত আপুনি বৰ্তমানে অভ্যস্ত।

এইবাৰ ভোট দিবলৈ যাওঁতে পিন্ধি যাব লাগিব মাস্ক। মাস্ক পিন্ধাটো বাধ্যতামূলক। যদিহে মাস্ক পৰিধান কৰি নাযায় তেন্তে চিন্তাৰ কাৰণ নাই। ভোট কেন্দ্ৰৰ পৰাই যোগান ধৰা হ’ব মাস্ক।

ভোটগ্ৰহণৰ এদিন পূৰ্বে বাধ্যতামূলক ভাৱে ভোটকেন্দ্ৰ চেনিটাইজ কৰিব লাগিব। সকলো পলিং অফিচাৰৰে কভিড টেষ্ট কৰাটো বাধ্যতামূলক। ভোট কেন্দ্ৰৰ প্ৰৱেশ দ্বাৰত সকলো ভোটাৰৰে তাপমাত্ৰা পৰীক্ষা কৰা হ’ব।

যদিহে তাপমাত্ৰা পৰীক্ষাত শৰীৰৰ তাপমান বেচি হয় তেন্তে দুবাৰ পৰীক্ষা কৰা হ’ব। আৰু যদি দুয়োবাৰে তাপমান বেচি পোৱা যায় তেন্তে সেই ব্যক্তিক এটা টোকেন প্ৰদান কৰি শেষ ঘণ্টাত আহিবলৈ কোৱা হ’ব।

এটা ভোট কেন্দ্ৰত সৰ্বাধিক ১ হাজাৰহে ভোটাৰ থাকিব পাৰিব। ৬ ফুট ব্যৱধান মানি চলাটো বাধ্যতামূলক। লগতে কেৱল ১৫-২০ জন মানুহেহে এবাৰত এটা শাৰীত শাৰী পাতিব পাৰিব।

ভোটাৰ ৰেজিষ্টাৰত চহী আৰু ই ভি এম টিপাৰ সময়ত সকলো ভোটাৰকে হেণ্ড গ্লোভচ যোগান ধৰা হ’ব ভোট কেন্দ্ৰৰ ফালৰ পৰাই।

এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে সদৰি কৰা অনুসৰি ভোটদানৰ সময়ত যদি কোনো এলেকা কণ্টেইনমেণ্ট জ’নৰ ভিতৰত থাকে তেন্তে সেই স্থানৰ লোকে বা ভোটাৰে ক’ত কেনেকৈ ভোট দিব পাৰিব সেয় বিষয়ে পিছত জনোৱা হ’ব।

পুৰুষ, মহিলা আৰু দিব্যাংগ, বয়োজ্যেষ্ঠৰ বাবে পৃথকে পৃথকে শাৰী থাকিব। লগতে দিব্যাংগ সকলে ৰাজহুৱা পৰিবহন বাহনেৰে আহিবৰ বাবে ফ্ৰি পাচ পাব।

৮০ বছৰ ঊৰ্ধৰ ব্যক্তি, দিব্যাংগ, নিৰ্বাচনৰ দায়িত্বত নিয়োজিত ব্যক্তি, ক’ভিড পজিটিভ ব্যক্তিয়ে প’ষ্টেল বেলট দিব পাৰিব।

যিহেচি এইবাৰ কভিড প্ৰটকল মানিহে ভোচদান কৰিব লাগিব সেয়ে আয়োগৰ ফালৰ পৰা জনোৱা অনুসৰি এইবাৰ বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে।

এই নিয়ম সমবৰ বাহিৰেও অইন বাৰৰ ভোটগ্ৰহনৰ দৰেই থাকিব বাকি নিয়ম। যেনে ভোট দিবৰ কাৰণে নিব লাগিব পৰিচয়পত্ৰ। ১১বিধ নথিৰ যিকোনো এবিধ যেনে- আধাৰ কাৰ্ড, জব কাৰ্ড, পাচবুক, শ্ৰম বিভাগৰ বীমা কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, NPRৰ স্মাৰ্ট কাৰ্ড, ফটো থকা পেঞ্চনৰ নথি, চৰকাৰী কৰ্মচাৰীৰ পৰিচয় পত্ৰ, সাংসদ-বিধায়ক-পৰিষদ সদস্যৰ পৰিচয় পত্ৰ।

About the author

+ posts