“অসম প্ৰদেশ কংগ্ৰেছ” কমিটীৰ, উদ্যোগত ধাৰাবাহিক বাবে চলি থকা “অসম বচাওঁ আহক” শীৰ্ষক যাত্ৰাৰ আজি এক কাৰ্যসূচী বৰপেটা জিলাৰ সৰভোগৰ “শ্ৰী শ্ৰী গৰখীয়া গোঁহাই থান”ৰ পৰা আৰম্ভ হয়। বৰপেটা জিলা কংগ্ৰেছ তথা ৬ নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ নেতৃত্বত আজিৰ যাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তত লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা অসম কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে বহুকেইজন দলীয় নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে। আজিৰ যাত্ৰাৰ সময়ত কংগ্ৰেছ দলৰ নিৰ্বাচনী কমিটিৰ দ্বাৰা সমগ্ৰ অসমজুৰি চলি থকা “#CAA# আমি নামানো” শীৰ্ষক স্বাক্ষৰ অভিযানত দলীয় নেতা-কৰ্মীৰ লগতে ৰাইজে শতঃস্ফুৰ্তভাৱে সহাঁৰি জনাই অসমীয়াৰ “স্বাভিমান” গামোচাখনত নিজৰ নিজৰ স্বাক্ষৰ সন্নিবিষ্ট কৰে।

About the author

+ posts