সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছ দলে “অসম বচাওঁ আহক”শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰি থকাৰ লগে লগে সমষ্টি ভিত্তিত দলীয় কৰ্ম-কৰ্তা সকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্য-উদ্দেশ্যলৈ বুথ কৰ্মী-সভা অনুষ্ঠিত কৰা দেখা গৈছে। উক্ত লক্ষ্য-উদ্দেশ্যৰ অংশ স্বৰূপে অহা ২২ তাৰিখ সোমবাৰে হ’বলগীয়া জনীয়া সমষ্টি ভিত্তিত বুথ সন্মিলন সম্পৰ্কে আজি ৰূপসী ব্লক কংগ্ৰেছ কাৰ্যালয় “ৰাজীৱ ভৱন”ত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়৷।

ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি মঃ ছোৰমান আলীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ প্ৰস্তুতি সভাত সমষ্টিটোৰ মুঠ ২২ টা মণ্ডল কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত ২০২১ ৰ বিধান সভা নিৰ্বাচনত জনীয়া সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশি যুৱনেতা আমিৰুল ইছলাম খান, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মুজিবৰ ৰহমান খান, অৱসৰ প্ৰাপ্ত উচ্চশিক্ষা সঞ্চালক দেলোৱাৰ হুছেইন আৰু সক্ৰিয় কংগ্ৰেছ কৰ্মী তথা সমাজসেৱক গোলাম মোস্তফাই কৰ্মী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।

About the author

+ posts