“অসম প্ৰদেশ কংগ্ৰেছ” কমিটীৰ উদ্যোগত চলি থকা “অসম বচাওঁ আহক” শীৰ্ষক যাত্ৰাৰ আজি পঞ্চমটো যাত্ৰাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ উপৰিও গোলোক নাহৰ ডেকাসহ বহুকেইজন দলীয় নেতা কৰ্মীয়ে নাহৰকটীয়া মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক তথা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰে লগতে সকলোৰে অভিযোগ গ্ৰহণ কৰে।

আজিৰ যাত্ৰাৰ সময়ত সমগ্ৰ অসম জুৰি চলি থকা #CAA# আমি নামানো শীৰ্ষক স্বাক্ষৰ অভিযানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি নিজৰ নিজৰ স্বাক্ষৰ অসমীয়াৰ “স্বাভিমান” গামোচা খনত সন্নিবিষ্ট কৰে। ইয়াৰোপৰি যাত্ৰাৰ সময়চোৱাত দৈনিক বজাৰ এখনত ব্যৱসায়ী আৰু স্থানীয় বিক্ৰেতাসকলৰে লগত বাৰ্তালাপ কৰি জিএছটি আৰু কৰৰ সন্দৰ্ভত তেওঁলোকৰ উদ্বেগৰ বুজ লয়।

About the author

+ posts