২৬ ডিচেম্বৰৰ পূৰ্বে আস্থা ভোটৰ গ্রহণৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে।

বিটিচি নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব প্রমোদ বড়ো। নৱগঠিত পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ নিৰ্দেশ দিলে ন্যায়ালয়ে।

২৬ ডিচেম্বৰৰ পূৰ্বে আস্থা ভোটৰ গ্রহণৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে। প্রথমে পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ। তাৰ পিছতে ভোটদানৰ জৰিয়তে CEM বাচনি হ’ব লাগিব।কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব পাৰিষদে।

উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনত ১৭খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হৈছিল বিপিএফ। কিন্তু ৰাজ্যপালে বিপিএফক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে আমন্ত্ৰণ নজনাই বিজেপি–ইউপিপিএলক পৰিষদ গঠনৰ সুযোগ দিয়ে। এই কাৰ্যক অসাংবিধানিক আখ্যা দি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হাগ্ৰামা মহিলাৰী।

স্মৰ্তব্য যে বিটিচি নিৰ্বাচনত বিজেপি আৰু জিএছপিৰ সৈতে পৰিষদত গঠন কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন প্ৰমোদ বড়োৱে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ইতিমধ্যে শপতগ্ৰহণ কৰিছে প্ৰমোদ বড়োৱে। কিন্তু উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত এতিয়া বিটিচিত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে সেয়া সময়েহে ক’ব।

About the author

+ posts