NSCN-Kত বিভাজনৰ ৰাজনীতি কৰি বহিস্কৃত হোৱা তিনি নেতাই গঠন কৰা গোটটো এতিয়া ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰিবলৈ সাজু হৈছে ৷ ইপিনে সোমবাৰে কেম্প হেব্ৰুনত NSCN-IMএ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ ৷

NSCN-Kত বিভাজনৰ ৰাজনীতি কৰি বহিস্কৃত হোৱা তিনি নেতাই গঠন কৰা গোটটো এতিয়া ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰিবলৈ সাজু হৈছে ৷ ইপিনে সোমবাৰে কেম্প হেব্ৰুনত NSCN-IMএ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ ৷

নিকি চুমি আৰু ষ্টাৰচন ৷ NSCN-Kৰ পৰা বিগত ২৯ জুলাইত এই দুই নেতাক বহিস্কাৰ কৰিছিল অধ্যক্ষ য়ুং আঙে ৷ সংগঠনত বিভাজনৰ ৰাজনীতি কৰা আৰু সংগঠনৰ বৃহৎ পৰিমাণৰ ধন অপপ্ৰয়োগ কৰাৰ অভিযোগত এই দুই নেতাসহ কট্টৰপন্থী ন্যামলাং কন্যাককো বহিস্কাৰ কৰিছিল NSCN-Kএ ৷ NSCN-Kৰ অভিযোগ- ভাৰতীয় চোৰাংচোৱা বাহিনীৰ এজেণ্ট হিচাপে কাম কৰি আহিছিল এই বহিস্কৃত নেতা কেইজনে ৷

শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য মতে নিকি-ন্যামলাং-ষ্টাৰচনৰ গোটটোৱে অচিৰে ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিব ৷ ইয়াৰ পূৰ্বে প্ৰায় এশ নতুন সদস্য ভৰ্তি কৰি সামৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নিকি, ন্যামলাং আৰু ষ্টাৰচনৰ গোটটোৱে ৷ এই পৰ্যন্ত সামৰিক-অসামৰিক প্ৰায় দুশ সদস্যই গোটটোত আশ্ৰয় লৈছে ৷ NSCN-Kৰ মূল গোটটোৱে দাবী কৰা মতে এই তিনি বহিস্কৃত নেতাক বাদ দি বাকী সকলো নেতা মূল গোটতে আছে ৷ বহিস্কৃত গোটটোৱে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিয়ে NNPGsত যোগ দিব বুলি জানিব পৰা যায় ৷

ইপিনে NSCN-IMৰ কেম্প হেব্ৰনত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ ৷ সোমবাৰে পুৱা ন বজাত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ কিয়নো সোমবাৰ অৰ্থাৎ তিনি আগষ্টত পাঁচ বছৰত ভৰি দিব ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ৷ ২০১৫ৰ তিনি আগষ্টৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট চুক্তি স্বাক্ষৰ হৈছিল ৷ 

কেম্প হেব্ৰনত আয়োজন কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট দিৱসৰ অনুষ্ঠানত সংগঠনৰ সাধাৰণ সম্পাদক তথা মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভা উপস্থিত নাথাকিব ৷ কিয়নো মুইভা সম্প্ৰতি নতুন দিল্লীত চিকিৎসাধীন ৷ উপস্থিত নাথাকিব অধ্যক্ষ কিউ টুছু আৰু উপাধ্যক্ষ টংমেথ ৱাংনাও ৷ ইয়াৰ পৰিবৰ্তে সংগঠনৰ কলেক্টিভ লীডাৰশ্বীপৰ সদস্য আৰ এইছ ৰাইজিং আৰু ইউষ্টাৰ ছিচি শ্বুহে কেম্প হেব্ৰুনত উপস্থিত থাকিব ৷

About the author

+ posts