দুবছৰৰ পিছত আকৌ বিভাজনৰ সূত্ৰপাত হ’ল NSCN-Kত৷ য়ং আং নেতৃত্বাধীন মূল গোটটোক প্ৰত্যাহ্বান জনাই আন এক গোট গঠন কৰাৰ বাবে তিনি জ্যেষ্ঠ নেতাক বহিষ্কাৰ কৰিলে NSCN-Kই৷ যি তিনিজন আছিল ভাৰতীয় মূলৰ নেতা৷
মঙলবাৰৰ দিনটোলৈ নিকি চুমি আছিল NSCN-Kৰ উপ–মুখ্য সেনাধ্যক্ষ৷ ষ্টাৰচন লামকাম আছিল বিত্ত কিলন্সাৰ৷ এই দুয়োজনেই মণিপুৰৰ চাণ্ডেলত ২০১৫ৰ ৪ জুনত ভাৰতীয় সেনাৰ ওপৰত চলোৱা ভয়ংকৰ এম্বুছৰ মাষ্টাৰমাইণ্ড৷ NIAৰ ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থীৰ তালিকাত আছে দুয়োজনৰে নাম৷ বুধবাৰে এই দুয়োজন নেতা ক্ৰমে নিকি চুমি, ষ্টাৰচন লামকামক কৰিলে বহিষ্কাৰ৷ লগতে বহিষ্কাৰ কৰিলে সংগঠনৰ জেনেৰেল কামাণ্ডিং অফিচাৰ ৱান ন্যামলাং নগাক৷
NSCN-Kৰ অধ্যক্ষ য়ং আঙৰ বিৰুদ্ধে আৰু সংগঠনৰ সংবিধানবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বিৰুদ্ধে বহিষ্কাৰ কৰিলে নিকি চুমি, ন্যামলাং নগা আৰু ষ্টাৰচনক৷
ইয়াৰ পূৰ্বে মঙলবাৰে নিকি-ন্যামলাং-ষ্টাৰচনে এক বৈঠক পাতি এটা নতুন গোটৰ জন্ম দিছিল৷ নতুন গোটৰ অধ্যক্ষ পাতিছিল ন্যামলাঙক৷ সাধাৰণ সম্পাদক পাতিছিল ষ্টাৰচন লামকামক৷ সেনাধ্যক্ষৰ পদত এই পৰ্যন্ত আনুষ্ঠানিক নিযুক্তি দিয়া নাই যদিও নিঃসন্দেহে নিকি ছুমীয়েই হ’ব নতুন গোটৰ সেনাধ্যক্ষ৷
নিকি-ন্যামলাং-ষ্টাৰচনৰ গোটে নতুন গোট গঠন কৰি য়ুং আঙক সংগঠনৰ পৰা বহিষ্কাৰ কৰা বুলি দাবী কৰিছিল৷ কিন্তু বুধবাৰে য়ুং আঙৰ নেতৃত্বত মূল সংগঠনৰ জৰুৰী বৈঠকত দল আৰু সংবিধানবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে নিকি-ন্যামলাং-ষ্টাৰচনক সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয় বুলি সদৰি কৰিছে NSCN-Kৰ প্ৰচাৰ বিভাগৰ মূৰব্বী যুছেফ লামকাঙে৷ লগতে বহিষ্কৃত তিনি নেতাক যিসকলে সংগ দিব, সেইসকলো নিয়মানুসাৰে বহিষ্কৃত হ’ব বুলি জনাই যুছেফ লামকাঙে৷
তথ্য মতে নিকি-ন্যামলাং-ষ্টাৰচনৰ গোটত প্ৰায় আশীজন কেডাৰ আছে আৰু প্ৰায় পঞ্চাশটা অত্যাধুনিক মাৰণাস্ত্ৰ আছে৷ NSCN-Kত সংঘটিত এই বিভাজনৰ পূৰ্বে ২০১৮ৰ আগষ্ট মাহত সংঘটিত হৈছিল আন এক বিভাজনৰ৷ এছ এছ খাপলাঙৰ মৃত্যুৰ পিছত ডেৰবছৰ অধ্যক্ষৰ দায়িত্বত থকা এইজন খাংগু কন্যাকক সংগঠনৰ পৰা বহিষ্কাৰ কৰিছিল NSCN-K–এ৷ পিছত খাংগু কন্যাকে নিকি চুমিৰ সৈতে ভাৰত চৰকাৰৰে কৰিছিল যুদ্ধবিৰতি৷ ঠিক একেদৰে নিকি-ন্যামলাং-ষ্টাৰচনৰ গোটটোৱেও অতি কম দিনৰ ভিতৰত ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিব বুলি আশা কৰা হৈছে৷ স্মৰ্তব্য যে নিকি-ন্যামলাং-ষ্টাৰচন ভাৰতীয় মূলৰ৷