অহা ১ আগষ্টৰ পৰা দেশত আনল’ক ৩.০। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিছে নতুন গাইড লাইন। আনল’ক ৩.০ত বহু খিনি শিথিলতা জাৰি কৰা হৈছে। তথাপিও ৰাজ্য চৰাকাৰে প্ৰয়োজনত নিজেও কিছু সিদ্ধান্ত ল’ব পাৰিব। কিন্তু আনল’ক ৩.০ ত প্ৰদান কৰা শিথিলতা প্ৰয়োজ্য নহ’ব কণ্টেইনমেণ্ট জ’নৰ ক্ষেত্ৰত।
কি আছে গাইড লাইনতঃ
- ৫ আগষ্টৰ পৰা খুলিব পাৰিব জীম, যোগাভ্যাস কেন্দ্ৰ।
- ৩১ আগষ্টলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান।
- মেট্ৰ’ সেৱা বন্ধ থাকিব।
- সান্ধ্য আইন সম্পূৰ্ণ ৰূপে প্ৰত্যাহৰ কৰা হ’ব।
- সামাজিক দূৰত্ব মানি চলি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিব।
- ৬৫ বছৰীতকৈ অধিক, ১০ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা ঘৰতে থকাৰ আহ্বান।
- বন্ধ থাকিব চিনেমা গৃহ, বিনোদন কেন্দ্ৰ, চুইমিং পুল বন্ধ থাকিব।
- কোনো ধৰণৰ ৰাজহুৱা সভা, ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব।
- বন্ধ থাকিব বাৰ।