অসমৰ চিৰাঙ জিলাৰ এখন অখ্যাত গাঁও বাসুগাঁৱৰ ঘৰৰ পৰাই বৰ্তমান কাম কৰি থকা সৌৰভ চৌৰদিয়াই তেওঁৰ দিল্লীৰ গেমিং ফাৰ্মখনৰ নিৰ্দিষ্ট কোঠাটোৰ অভাৱ বৰকৈ অনুভৱ কৰিছে যত তেওঁ ঘন্টাৰ পিছত ঘন্টা ধৰি ব্যস্ত থাকে ডিজাইনিঙৰ প্ৰকল্পসমূহত । কিন্তু বৰ্তমান ঘৰত থাকিলেও সৌৰভে ভাৰতীয় বায়ু সেনা আৰু বিমানৰ বিষয়ে আলোচনাত মিলিত হোৱাৰ এটা বিশেষ সুযোগ নেহেৰুৱালে ।

 ফ্ৰান্সৰ পৰা আহি পাঁচখন ৰাফেল যুঁজাৰু বিমানে ভাৰতৰ মাটি স্পৰ্শ কৰাৰ মুহূৰ্ততে সৌৰভৰ দুচকু গৌৰৱত উজ্বলি উঠিল । কাৰণ সৌৰভৰ জৰিয়তে এই ৰাফেল বিমানৰ আছে অসমৰ সৈতে এক বিশেষ সম্পৰ্ক । এই পাঁচখন ৰাফেল যুজাৰু বিমান উৰুৱাৰ দায়িত্ব লাভ কৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ ফাৰ্ষ্ট স্কোৱাৰ্ডনে পৰিধান কৰা patch ৰ ডিজাইন কৰিছে অসমৰ সৌৰভে ।

ফ্ৰান্সৰ পৰা আহি পাঁচখন ৰাফেল যুঁজাৰু বিমানে ভাৰতৰ মাটি স্পৰ্শ কৰাৰ মুহূৰ্ততে সৌৰভৰ দুচকু গৌৰৱত উজ্বলি উঠিল । কাৰণ সৌৰভৰ জৰিয়তে এই ৰাফেল বিমানৰ আছে অসমৰ সৈতে এক বিশেষ সম্পৰ্ক । এই পাঁচখন ৰাফেল যুজাৰু বিমান উৰুৱাৰ দায়িত্ব লাভ কৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ ফাৰ্ষ্ট স্কোৱাৰ্ডনে পৰিধান কৰা patch ৰ ডিজাইন কৰিছে অসমৰ সৌৰভে ।

 "যোৱা বছৰ মোক এই কামৰ দায়িত্ব দিয়া হৈছিল। 17 স্কোৱাৰ্ডনৰ বিষয়াসকলে তেওঁলোকৰ বাবে এটা নতুন patch বিছাৰিছিল যিটোত যাতে আধুনিকতাৰ পৰশ থাকে আৰু তেওলোকৰ অতীতৰ পৰাক্ৰমৰ ছবিখনো উদ্ভাসিত হৈ উঠে । এই patch টো যুজাৰু বিমানখন চলাওতে পিন্ধা হয় । " সৌৰভ চৌৰদিয়াই কয় ।

“যোৱা বছৰ মোক এই কামৰ দায়িত্ব দিয়া হৈছিল। 17 স্কোৱাৰ্ডনৰ বিষয়াসকলে তেওঁলোকৰ বাবে এটা নতুন patch বিছাৰিছিল যিটোত যাতে আধুনিকতাৰ পৰশ থাকে আৰু তেওলোকৰ অতীতৰ পৰাক্ৰমৰ ছবিখনো উদ্ভাসিত হৈ উঠে । এই patch টো যুজাৰু বিমানখন চলাওতে পিন্ধা হয় । ” সৌৰভ চৌৰদিয়াই কয় ।

 এই ডিজাইনটো তৈয়াৰ কৰি তুলিবলৈ সময় কম লাগিছিল যদিও কামটো বহুত প্ৰত্যাহ্বানপূৰ্ণ আছিল ।<br />"আপুনি যদিহে মই ডিজাইন কৰা এই patch টোলৈ চায় তেন্তে দেখিব যে ইয়াৰ বাহিৰৰ বৃত্তটোত আছে স্কোৱাৰ্ডনৰ গল্ডেন এৰোজ নামটো আৰু ইয়াৰ মটো উদয়াম অজশ্ৰাম । ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু অশোক চক্ৰটো আছে মুখ্য অঙশত । ৰাফেল যুজাৰু বিমানখন আৰু হিমালয়ান ঈগলক patch টোত বিশেষ ভাৱে উদ্ভাসিত কৰি তোলা হৈছে । ইয়াত প্ৰতিটো বস্তুতে ৰঙ ব্যৱহাৰ কৰাৰ পূৰ্বে বহুত চিন্তা-চৰ্চা কৰিব লগা হৈছে ।" সৌৰভে আৰু কলে ।

এই ডিজাইনটো তৈয়াৰ কৰি তুলিবলৈ সময় কম লাগিছিল যদিও কামটো বহুত প্ৰত্যাহ্বানপূৰ্ণ আছিল ।<br />”আপুনি যদিহে মই ডিজাইন কৰা এই patch টোলৈ চায় তেন্তে দেখিব যে ইয়াৰ বাহিৰৰ বৃত্তটোত আছে স্কোৱাৰ্ডনৰ গল্ডেন এৰোজ নামটো আৰু ইয়াৰ মটো উদয়াম অজশ্ৰাম । ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু অশোক চক্ৰটো আছে মুখ্য অঙশত । ৰাফেল যুজাৰু বিমানখন আৰু হিমালয়ান ঈগলক patch টোত বিশেষ ভাৱে উদ্ভাসিত কৰি তোলা হৈছে । ইয়াত প্ৰতিটো বস্তুতে ৰঙ ব্যৱহাৰ কৰাৰ পূৰ্বে বহুত চিন্তা-চৰ্চা কৰিব লগা হৈছে ।” সৌৰভে আৰু কলে ।

 বাসুগাৱৰ এটি মাৰোৱাৰী কাপোৰ ব্যৱসায়ী পৰিয়ালৰ সন্তান ২২ বছৰীয়া সৌৰভে তেওঁৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল এমিটি ইউনিভাৰ্চিটিৰ পৰা । আৰু তাৰ পিছৰে পৰা দিল্লীত 3d ডিজাইনিঙৰ কামত ব্যস্ত হৈ আছে । সৌৰভে বৰ্তমানলৈকে তিনি শতাধিক patch ৰ ডিজাইন কৰিছে । নিজৰ পেছাৰ স্বাৰ্থত নাম প্ৰকাশ নকৰিলেও সৌৰভ বহুকেইটা আগশাৰীৰ প্ৰকল্পৰ কামত জড়িত হৈ আছে ।

বাসুগাৱৰ এটি মাৰোৱাৰী কাপোৰ ব্যৱসায়ী পৰিয়ালৰ সন্তান ২২ বছৰীয়া সৌৰভে তেওঁৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল এমিটি ইউনিভাৰ্চিটিৰ পৰা । আৰু তাৰ পিছৰে পৰা দিল্লীত 3d ডিজাইনিঙৰ কামত ব্যস্ত হৈ আছে । সৌৰভে বৰ্তমানলৈকে তিনি শতাধিক patch ৰ ডিজাইন কৰিছে । নিজৰ পেছাৰ স্বাৰ্থত নাম প্ৰকাশ নকৰিলেও সৌৰভ বহুকেইটা আগশাৰীৰ প্ৰকল্পৰ কামত জড়িত হৈ আছে ।

 "মোৰ সৰুৰে পৰাই এৰোপ্লেন আৰু এয়াৰফৰ্ছৰ প্ৰতি দূৰ্বাৰ হেপাঁহ আছিল । মোৰ ওচৰত আশীখন দেশৰ ৫ হাজাৰ patch ৰ সংগ্ৰহ আছে । মই এয়াৰক্ৰাফট ফটোগ্ৰাফীও কৰো । বিশ্বৰ কেইবাখনো এয়াৰ শ্ব'লৈ গৈছো । গেমৰ ডিজাইন কৰোতে মই বিশেষকৈ ফাইটাৰ প্লেনৰ ডিজাইন কৰো ।", সৌৰভ চৌৰদিয়াই কয় । মই ৰাফেল যুঁজাৰু বিমান ২০১৭ আৰু ২০১৯ চনত এয়াৰ শ্ব'ত দেখিছিলো । আৰু ই বিধ্বংসী আৰু আকৰ্ষণীয় আছিল । গেম ডিজাইনাৰজনে আৰু কয় ।

“মোৰ সৰুৰে পৰাই এৰোপ্লেন আৰু এয়াৰফৰ্ছৰ প্ৰতি দূৰ্বাৰ হেপাঁহ আছিল । মোৰ ওচৰত আশীখন দেশৰ ৫ হাজাৰ patch ৰ সংগ্ৰহ আছে । মই এয়াৰক্ৰাফট ফটোগ্ৰাফীও কৰো । বিশ্বৰ কেইবাখনো এয়াৰ শ্ব’লৈ গৈছো । গেমৰ ডিজাইন কৰোতে মই বিশেষকৈ ফাইটাৰ প্লেনৰ ডিজাইন কৰো ।”, সৌৰভ চৌৰদিয়াই কয় । মই ৰাফেল যুঁজাৰু বিমান ২০১৭ আৰু ২০১৯ চনত এয়াৰ শ্ব’ত দেখিছিলো । আৰু ই বিধ্বংসী আৰু আকৰ্ষণীয় আছিল । গেম ডিজাইনাৰজনে আৰু কয় ।

 ভাৰতীয় বায়ুসেনা বাহিনীয়ে ২০১৯ চনৰ চেপ্টেম্বৰত আম্বালা স্থিত এয়াৰ ফৰ্ছ ষ্টেছনৰ 17 স্কোৱাৰ্ডন ' গল্ডেন এৰোজ 'ক সাজু কৰি তুলিছিল ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো স্কোৱাৰ্ডনৰ পৰিচালনাৰ বাবে । ২০১ চনৰ ৩১ ডিচেম্বৰৰ পৰা ৰাছিয়ান মিগ 21 চলাই অহা এই স্কোৱাৰ্ডনটো নতুন যুঁজাৰু বিমানৰ অপেক্ষাত আছিল । কাৰণ পুৰণি হৈ যোৱা বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে তেওলোকে উৰাই অহা মিগ 21 যুঁজাৰু বিমানসমূহ সেৱাৰ পৰা আতৰাই দিছিল ।

ভাৰতীয় বায়ুসেনা বাহিনীয়ে ২০১৯ চনৰ চেপ্টেম্বৰত আম্বালা স্থিত এয়াৰ ফৰ্ছ ষ্টেছনৰ 17 স্কোৱাৰ্ডন ‘ গল্ডেন এৰোজ ‘ক সাজু কৰি তুলিছিল ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো স্কোৱাৰ্ডনৰ পৰিচালনাৰ বাবে । ২০১ চনৰ ৩১ ডিচেম্বৰৰ পৰা ৰাছিয়ান মিগ 21 চলাই অহা এই স্কোৱাৰ্ডনটো নতুন যুঁজাৰু বিমানৰ অপেক্ষাত আছিল । কাৰণ পুৰণি হৈ যোৱা বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে তেওলোকে উৰাই অহা মিগ 21 যুঁজাৰু বিমানসমূহ সেৱাৰ পৰা আতৰাই দিছিল ।

 ১৯৫১ চনৰ ১ অক্টোবৰত ফ্লাইট লেফটেনেন্ট ডি এল স্প্ৰিগনেটৰ নেতৃত্বত আম্বালাত গঠন কৰা হৈছিল 17 স্কোৱাৰ্ডন । প্ৰথম অৱস্থাত এই স্কোৱাৰ্ডনত আছিল হাৰ্ভাৰ্ড 2 B এয়াৰক্ৰাফট । ১৯৫৫ চনৰ নৱেম্বৰত এই স্কোৱাৰ্ডনটো সম্পূৰ্ণ ভাৱে সলনি কৰা হয় দি হেভিলেণ্ড ভেম্পায়াৰলৈ আৰু ১৯৫৭ চনত গল্ডেন এৰোজৰ হাতলৈ আহে হকাৰ হান্টাৰ এয়াৰক্ৰাফট । এই স্কোৱাৰ্ডনক মিগ 21 এমলৈ পৰিৱৰ্তন কৰা হয় ১৯৭৫ চনত । ২০১৯ চনৰ অক্টোবৰৰ পৰা ২০২০ৰ মে'লৈকে ভাৰতীয় বায়ু সেনা বাহিনীৰ আঠ গৰাকীকৈ পাইলট , ইঞ্জিনীয়াৰ আৰু টেকনিছিয়ানেৰে গঠিত তিনিটা দলক ফ্ৰান্সত ভাৰতলৈ অনা এই যুঁজাৰু বিমানসমূহৰ ওপৰত উন্নত প্ৰশিক্ষণ দিয়া হয় ।

১৯৫১ চনৰ ১ অক্টোবৰত ফ্লাইট লেফটেনেন্ট ডি এল স্প্ৰিগনেটৰ নেতৃত্বত আম্বালাত গঠন কৰা হৈছিল 17 স্কোৱাৰ্ডন । প্ৰথম অৱস্থাত এই স্কোৱাৰ্ডনত আছিল হাৰ্ভাৰ্ড 2 B এয়াৰক্ৰাফট । ১৯৫৫ চনৰ নৱেম্বৰত এই স্কোৱাৰ্ডনটো সম্পূৰ্ণ ভাৱে সলনি কৰা হয় দি হেভিলেণ্ড ভেম্পায়াৰলৈ আৰু ১৯৫৭ চনত গল্ডেন এৰোজৰ হাতলৈ আহে হকাৰ হান্টাৰ এয়াৰক্ৰাফট । এই স্কোৱাৰ্ডনক মিগ 21 এমলৈ পৰিৱৰ্তন কৰা হয় ১৯৭৫ চনত । ২০১৯ চনৰ অক্টোবৰৰ পৰা ২০২০ৰ মে’লৈকে ভাৰতীয় বায়ু সেনা বাহিনীৰ আঠ গৰাকীকৈ পাইলট , ইঞ্জিনীয়াৰ আৰু টেকনিছিয়ানেৰে গঠিত তিনিটা দলক ফ্ৰান্সত ভাৰতলৈ অনা এই যুঁজাৰু বিমানসমূহৰ ওপৰত উন্নত প্ৰশিক্ষণ দিয়া হয় ।

About the author

+ posts