ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিৰোধীৰ অভিযোগক লৈ তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ক’ভিডক লৈ কাম–কাজৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কয়,

‘২ আগষ্টৰ ভিতৰত আমিনগাঁও, পলাশবাৰী,নেহেৰু ষ্টেডিয়াম, শংকৰদেৱ কলাক্ষেত্ৰ ,ৰয়েল গ্ল’বেল স্কুল, কাজিৰঙা স্কুল আৰু দিল্লী পাব্লিক স্কুলত ক’ভিড কেয়াৰ চেন্টাৰ আৰম্ভ কৰিব লৈছো ৷ লকডাউন মুকলি  হোৱাৰ পিছত গুৱাহাটীত পজিটিভ হোৱাৰ সংখ্যা ৮০০ ৰ পৰা ১০০০ মান হ’ব ৷ এই বৃদ্ধি আগষ্টত মাহৰ পৰা ১৫ চেপ্টম্বৰৰ ভিতৰত সৰ্বাধিক হৈ পজিটিভৰ সংখ্যা কমি আহিব ৷ ১০ হাজাৰ চেন্টাৰ বনাইছো যত আমি কভিড ৰোগীক চিকিৎসা কৰিব পাৰো ৷ এই ক’ভিড কেয়াৰ চেন্টাৰ সমূহ চলাবলৈ অসমৰ বিভিন্ন স্থানৰ পৰা মানুহ আনিছে ৷ যি সকল চিকিৎসকে  post graduate ৰ প্ৰথম বৰ্ষৰ তেওঁলোকক ক’ভিড কেয়াৰত পোনে পোনে নিযুক্তি দিয়া হৈছে ৷’

ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিৰোধীৰ অভিযোগক লৈ তেওঁ কয়, ‘বানপানীৰ ক্ষেত্ৰত আগতেই ধন পাইছো ৷ বিৰোধী দলপতিয়ে অভিযোগ কৰিব পাৰে ৷ কংগ্ৰেছ আৰু কিছুমান দলে ৰাজনীতি কৰি আছে ৷ খালী গ’লপষ্টত গ’ল কৰি আছে ৷ ক’ভিড পাৰ হোৱাৰ পিছত ১০০ টা গ’ল এদিনত দিম।’

তৰুণ গগৈক বিদ্ৰুপ কৰিবলৈ নেৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মই তৰুণ গগৈ নহ’লেও তেওঁৰ বয়সৰ যিসকল লোক ‘ভালনাৰেবল তেওঁলোকক বচাবলৈকে কাম কৰি আছো ৷’

কোৰোণা ভুৱা বুলি মন্তব্য কৰা ডঃ সত্যকাম ফুকনকে উষ্মাৰে প্ৰত্যাহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কোৰোণাত মৃত্যু হোৱা লোকসকলক ৰক্ষা কৰিবলৈ তেওঁ আগবাঢ়ি আহিছে নে কি বুলি প্ৰশ্ন কৰে।

About the author

+ posts