ডায়েগনেষ্টিক চেণ্টাৰটোলৈ অহা ৰোগীসকলক চিনাক্ত কৰি এতিয়া কোভিড টেষ্ট কৰাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে৷

কৰোণাৰ গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তেই বিশ্বনাথ চাৰিআলিত কণ্টেইনমেণ্ট জ’নৰ নিয়ম অমান্য কৰা ডায়েগনেষ্টিক চেণ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা হাতত লৈছে প্ৰশাসনে৷ পিনাক’ল ডায়েগনেষ্টিক নামৰ লেব’ৰেটৰীটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন৷ ডায়েগনেষ্টিক চেণ্টাৰটোৰ স্বতাধিকাৰী তথা চৰকাৰী চিকিৎসক ডাঃ গুঞ্জন পাঠকৰ বিৰুদ্ধে  ৰুজু কৰা হৈছে গোচৰ৷ লগতে লেব’ৰেটৰীটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে প্ৰশাসনে৷

বিশ্বনাথ চাৰিআলি থানাত ৰুজু হৈছে 193/2020 নম্বৰৰ গোচৰ৷ উল্লেখ্য যে চহৰ খনৰ আৰ পি প্লাজা নামৰ মাৰ্কেট কমপ্লেক্সটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল জিলা প্ৰশাসনে৷ আর পি প্লাজাত থকা IIFL নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ ৫ গৰাকীকৈ কৰ্মচাৰী কোভিড-১৯ পজিটিভ ওলোৱাৰ পিছতেই বিল্ডিংটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷

সেই একেটা মাৰ্কেট কমপ্লেক্সতে আছে এই ডায়েগনেষ্টিক চেণ্টাৰটো। সোমবাৰে নিশা পিনাক’ল ডায়েগনেষ্টিক চেণ্টাৰৰো দুজনকৈ কৰ্মচাৰীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতেই হুৱাদুৱা লাগিছে সমগ্ৰ বিশ্বনাথ জিলাত৷ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পিছতো লেব’ৰেটৰীটোৱে ব্যৱসায় চলাই ৰোগীৰ পৰীক্ষা-নিৰীক্ষা কৰি আছিল৷

বিশ্বনাথ চাৰিআলিৰ গলিয়া গাঁৱৰ অচিন সিং আৰু নাগশংকৰৰ বহুৱাকুৰি গাঁৱৰ পুলক শইকীয়াৰ কোভিড পজিটিভ পোৱা গৈছে আৰু দুয়োজনেই এই ডায়েগনেষ্টিক চেণ্টাৰটোৰ কৰ্মচাৰী৷ ঘৰে ঘৰে গৈ কোভিড পজিটিভ কৰ্মচাৰীৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ বাবে ৰোগীৰ নমুনা সংগ্ৰহৰ কৰাৰো অভিযোগ উঠিছে পিনাক’লৰ বিৰুদ্ধে৷ ইয়াৰ পিছতেই ডায়েগনেষ্টিক চেণ্টাৰটোৰ বিৰুদ্ধে প্ৰশাসনে আইন অমান্য কৰাৰ অপৰাধত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ ইফালে ডায়েগনেষ্টিক চেণ্টাৰটোলৈ অহা ৰোগীসকলক চিনাক্ত কৰি এতিয়া কোভিড টেষ্ট কৰাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে৷

About the author

+ posts