কোৰোণাৰ হটস্পটত পৰিণত হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। কাৰাগাৰখনৰ চিকিৎসকসহ সৰ্বমুঠ ৫৫জন ব্যক্তি আক্ৰান্ত হৈছে কোৰোণাত। ইবচিতা আহমেদ নামৰ কোৰোণাত আক্ৰান্ত মহিলা কয়দীক কাৰাগাৰলৈ অনাৰ পিছতে ভয়াৱহ গণ সংক্ৰমণৰ সৃষ্টি হৈছে সমগ্ৰ কাৰাগাৰখনতে। ইবচিতা আহমেদক চিকিৎসা কৰা কাৰাগাৰখনৰ চিকিৎসক ডাঃ পূৰ্ণানন্দ বৰা কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ আব্দুল গফুৰ নামৰ আন এজন কয়দীৰ দেহত ধৰা পৰে কোৰোণাৰ সংক্ৰমণ। প্ৰথম অৱস্থাত আব্দুল গফুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিৰাপত্তাজনিত কাৰণত পুনৰ কাৰাগাৰলৈ ঘূৰাই অনা হয়।
ইয়াৰ পিছতে আন ৪জন কয়দীৰ দেহত ধৰা পৰে কোভিড–১৯ৰ সংক্ৰমণ। কিন্তু কোৰোণাত আক্ৰান্ত কয়দী কেইগৰাকীক কাৰাগাৰখনতে ৰখাৰ ফলশ্ৰুতিত সকলোৱে ভয়ংকৰ গণসংক্ৰমণৰ আশংকা কৰে। অৱশেষত সেই আশংকা সঁচা প্ৰমাণিত হ’ল। মঙলবাৰৰ দিনটোত কাৰাগাৰখনৰ ৪৮জনকৈ কয়দীৰ দেহত ধৰা পৰিল কোভিড–১৯ৰ সংক্ৰমণ।
প্ৰথম অৱস্থাত কাৰাগাৰখনৰ মুঠ ৮১জন কয়দীৰ নমুনা পৰীক্ষা কৰা হৈছিল। ইয়াৰে ৪৮জনৰ ফলাফল পজিটিভ পোৱাৰ লগে লগে কাৰাগাৰত থকা ৪১৯জন কয়দী তীব্ৰ আতংকত ভুগিছে। ইপিনে কাৰাগাৰখনৰ কনিষ্ঠ চিকিৎসকজনো কোৱাৰেণ্টাইনত থকাৰ ফলত এতিয়া কয়দীসকলৰ চিকিৎসাৰ বাবেও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই।
চিকিৎসাৰ নামত মাথোঁ পেৰাচিটামল টেবলেট দিয়ে বৰ্তমান দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে। ইপিনে নগাঁও জিলা স্বাস্থ্য বিভাগৰ গুৰি-বঠা ধৰা মূল কাৰ্যালয় হিচাপে পৰিচিত নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ো পৰিণত হ’ল কণ্টেইনমেণ্ট জ’নলৈ। যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী ক্ৰমে গোপাল থাপা, আশিস চাহা আৰু মৃদুল শইকীয়াৰ দেহত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে কাৰ্যালয়টো সম্পূৰ্ণ ৰূপে ছীল কৰি দিয়া হয়।
এতিয়াৰে পৰা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কাম-কাজ অস্থায়ীভাৱে চলিব নগাঁও জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত। উল্লেখযোগ্য যে ক্ৰমাৎ নগাঁও জিলাতো ভয়াৱহ ৰূপ ধাৰণ কৰা কোভিড–১৯ত মঙলবাৰৰ দিনটোতে আক্ৰান্ত হৈছে ৭৮জনকৈ লোক।