নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰে গ্ৰাহকৰ কাৰণে অধিকাৰসমূহ শক্তিশালী কৰিবলৈ ৩৪বছৰ পিছত উপভোক্তা অধিকাৰ সুৰক্ষা আইনখন (Consumer Protection Act, 2019) লৈ আহিছে। আজিৰে পৰা এই আইন বলৱৎ হৈছে। যোৱা বৃহস্পতিবাৰে চৰকাৰে নটিফিকেশ্যন জাৰি কৰিছে। এই নতুন আইনে ১৯৮৬চনৰ আইনখনৰ ঠাই ল’ব। নতুন আইনত গ্ৰাহকে কেতবোৰ নতুন অধিকাৰ লাভ কৰিব। উপভোক্তাই যিকোনো উপভোক্তা আদালতত গোচৰ তৰিব পাৰিব। পূৰ্বৰ আইনখনত এই বিকল্প নাছিল।
আজিৰে পৰা এই আইন বলৱত্ হৈ যোৱাৰ পিছত সকলো অভিযোগ সন্দৰ্ভত লগে লগে কাৰ্যসূচী আৰম্ভ হৈ যাব। বিশেষকৈ এতিয়া অনলাইন ব্যৱসায়ত উপভোক্তাসকলক উপেক্ষা কৰা কোম্পানীসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে। খাদ্য মন্ত্ৰী ৰামবিলাস পাচোৱানে আজি সংবাদমেলযোগে এই বিষয়ত সম্বোধন কৰিব।
বিভ্ৰান্তিমূলক বিজ্ঞাপন সন্দৰ্ভত হ’ব ব্যৱস্থা। নতুন আইনৰ অধীনত উপভোক্তা আদালতৰ লগতে এক কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণো গঠন কৰা হৈছে। এই প্ৰাধিকৰণৰ গঠন উপভোক্তাৰ হিতৰ ৰক্ষা কঠোৰতাৰে কৰিবলৈ কৰা হৈছে। নতুন আইনত উপভোক্তাই যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বেও সেই সামগ্ৰীৰ মানক লৈ অভিযোগ চিচিপিএত অভিযোগ কৰিব পাৰিব।
চেলিব্ৰেটিসকলৰ ওপৰতো লোৱা হ’ব ব্যৱস্থা। এই আইনৰ অধীনত বিভ্ৰান্তিমূলক বিজ্ঞাপনত অংশ লোৱা চেলিব্ৰিটিসকল যেনে ক্ৰিকেট ষ্টাৰ বা চিনেমা তাৰকাসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব। গতিকে এতিয়াৰ পৰা চেলিব্ৰেটিসকলে কোনো সামগ্ৰীৰ বিজ্ঞাপনত অংশ লোৱাৰ পূৰ্বে অধিক সাৱধান হ’ব লাগিব।
সহজে গোচৰ কৰিব পাৰিব। উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ২০১৯ বলৱৎ হোৱাৰ পিছত যিকোনো উপভোক্তা আদালতত গোচৰ তৰিব পৰা যাব। পূৰ্বৰ উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ১৯৮৬ত এই সুবিধা নাছিল। ইয়াক উদাহৰণ হিচাপে আপুনি এনেকৈ বুজিব পাৰে।
ধৰি লওক আপুনি অসমৰ বাসিন্দা আৰু মুম্বাইত কিবা সামগ্ৰী ক্ৰয় কৰিছে। মুম্বাইৰ পিছত আপুনি গোৱালৈ গুচি গ’ল আপুনি গম পালে যে আপুনি ক্ৰয় কৰা সামগ্ৰীবিধ বেয়া। আপুনি গোৱাতে যিকোনো উপভোক্তা ফ’ৰামত নিজৰ অভিযোগ দাখিল কৰিব পাৰে। যদি আপুনি অসমলৈ উভতি আহিছে তেনেহ’লে আপুনি ওচৰৰ যিকোনো উপভোক্তা ফ’ৰামত অভিযোগ কৰিব পাৰে। আগতে আপুনি য’ত সামগ্ৰী ক্ৰয় কৰিছিল তাতেই অভিযোগ দাখিল কৰিব লাগিছিল।
উপভোক্তা সুৰক্ষা আইন, ২০১৯ৰ মতে–
>> কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণ (CCPA)ৰ স্থাপনা। এই প্ৰাধিকৰণৰ ওচৰত অধিকাৰ থাকিব যে বিভ্ৰান্তিমূলক বিজ্ঞাপন বনোৱাসকল যেনে ধন লক্ষ্মী বৰ্ষা যন্ত্ৰ বনোৱাসকলৰ বিৰুদ্ধে বা সেইসমূহৰ প্ৰচাৰ–প্ৰসাৰ কৰাসকলৰ ওপৰতো জৰিমনা বিহিব পাৰিব। এই প্ৰাধিকৰণৰ ওচৰত অধিকাৰ থাকিব যে ২বছৰৰ পৰা ৫বছৰ পৰ্যন্ত জে’লৰ লগতে ৫০লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব। ইয়াৰ নেতৃত্বত মহানিৰ্দেশক, চিচিপিএ থাকিব।
>> উপভোক্তা বিবাদ নিবাৰণ আয়োগ গঠন (Consumer Disputes Redressal Commission), এই আয়োগৰ কাম হ’ব যে কোনোবাই যদি আপোনাৰ পৰা অধিক মূল্য লৈছে, আপোনাৰ সৈতে অনুচিত ব্যৱহাৰ কৰিছে, জীৱনৰ কাৰণে বিপজ্জনক আৰু ত্ৰুটিপূৰ্ণ বস্তু আৰু সেৱাৰ বিক্ৰী কৰিছে ইয়াৰ অভিযোগ চিডিআৰচিএ গ্ৰহণ কৰিব আৰু সিদ্ধান্ত শুনাব।
>> PIL বা জনহিতকৰ আৱেদন এতিয়া কনজিউমাৰ ফ’ৰামত ফাইল কৰিব পাৰিব। আগৰ আইনত এই ব্যৱস্থা নাছিল।
>> নতুন আইনত অনলাইন আৰু টেলিশ্বপিং কোম্পানীক প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত কৰা হৈছে।
>> খোৱা–বোৱাৰ সামগ্ৰীৰ ভেজালকৰণ কৰা কোম্পানীসমূহৰ ওপৰত জৰিমনা আৰু জেলৰ ব্যৱস্থা।
>> কনজিউমাৰ মিডিয়েচন চেলৰ গঠন। এই চেলৰ জৰিয়তে উভয় পক্ষই পৰস্পৰ সন্মতিৰে বিবাদ নিষ্পত্তি কৰিব পাৰিব।
>> কনজিউমাৰ ফ’ৰামত এক কোটি টকা পৰ্যন্তৰ কেচ দিব পাৰিব।
>> ষ্টেট কনজিউমাৰ ৰিড্ৰেচেল কমিচনত এক কোটিৰ পৰা দহ কোটি টকা পৰ্যন্তৰ কেচ দিব পাৰিব।
>> নেচনেল কনজিউমাৰ ডিচপুট ৰিড্ৰেচেল কমিচনত দহ কোটিৰ ওপৰৰ গোচৰৰ শুনানি হ’ব।
>> কেৰি বেগৰ কাৰণে টকা লোৱা বে–আইনী বিবেচিত হ’ব।
>> চিনেমা হ’লত যদি খোৱা–বোৱা বস্তুৰ ওপৰত বেছি মূল্য লৈছে তেনেহ’লে ব্যৱস্থা লোৱা হ’ব।