তিনি সপ্তাহৰ ল’ক ডাউনৰ পিছত সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনল’ক ১।

তিনি সপ্তাহৰ ল’ক ডাউনৰ পিছত সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনল’ক ১। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আনল’ক ১ৰ সন্দৰ্ভত বিশেষ গাইড লাইন জাৰি কৰিছে। সোমবাৰৰ পৰা গুৱাহাটীত বহু ক্ষেত্ৰত কৰা হৈছে শিথিলকৰণ। কিন্তু তাৰ মাজতো কোৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু নীতি নিয়ম প্ৰৱৰ্তন কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ আলোচনা অনুসৰি কাইলৈৰ পৰা গুৱাহাটী মহানগৰীৰ দোকানী,ব্যৱসায়ীকে ধৰি ব্যৱসায়ৰ লগত জড়িত লোক সকলৰ কৰা হ’ব ৰেণ্ডম টেষ্ট।দোকান-পোহাৰৰ লগতে চৰকাৰী কাৰ্যালয়ত আৰম্ভ হ’ব ৰেণ্ডম টেষ্ট। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ লোক সকল গৈ কৰিব ৰেণ্ডম টেষ্ট।

ইফালে আনল’ক১ৰ ক্ষেত্ৰত জাৰি কৰা গাইড লাইন অনুসৰিঃ

কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আনল’ক ১ ত ব্যক্তিগত বাহন চলাচল সম্পূৰ্ণ ৰূপে নিষিদ্ধ। স্বাস্থ্যজনীত কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন। লগতে চাকৰী সংক্ৰান্তীয় কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন।

সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব সকলো দোকান। খোলা থাকিব সুৰাৰ বিপণী।

বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান।

৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। সকলোতে কোৰোণা পৰীক্ষা কৰিব লাগিব।

সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, মালিকসকলে নিৰ্মাণ কাৰ্যকলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷

সপ্তাহৰ আটাইকেইটা দিনতে গাখীৰ, শিশু খাদ্য পোৱা যাব।

পাৰ্লাৰৰ,চেলুন চুলি কটাৰ বাবে খুলিব পাৰিব ৷

কেব, অটো, ৰিক্সা চলাব পাৰিব ৷ কিন্তু চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব ৷ কিন্তু বন্ধ থাকিব ই-ৰিক্সা।

সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে অব্যাহত থাকিব।

চিটিবাছ বন্ধ থাকিব।

হোটেল ৰেষ্টুৰেণ্ট সমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷

E-commerce সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।

সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব। কিন্তু  বুধবাৰৰ পৰা বন্ধ হ’ব এই সেৱা।

About the author

+ posts