গ্ৰেপ্তাৰৰ পিছৰে পৰা সঞ্জীৱে ভুগি আছিল কিডনী, ছৰ্মৰোগৰ ওপৰি মানসিক ৰোগত।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কয়দীক মানসিক নিৰ্যাতনৰ অভিযোগ। বিভিন্ন ৰোগত আক্ৰান্ত কয়দীক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ এজন কয়দীৰ পৰিয়ালৰ।

শেহতীয়াকৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কৰৰা গাঁৱৰ এজন কয়দীৰ দুখদায়ক কাহিনীয়ে হতচকিত কৰি তুলিছে সচেতন মহলক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সঞ্জীৱ তালুকদাৰ আলফা সম্পৰ্কীয় গোচৰত অভিযুক্ত হৈছিল।

নিয়াৰ গোচৰত অভিযুক্ত তালুকদাৰ সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত। গ্ৰেপ্তাৰৰ পিছৰে পৰা সঞ্জীৱে ভুগি আছিল কিডনী, ছৰ্মৰোগৰ ওপৰি মানসিক ৰোগত। কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই উক্ত বিষয় সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ।

কোৰোণাৰ হটস্পটত পৰিণত হোৱা কাৰাগাৰত কয়দীক কোনো ধৰণৰ পৰীক্ষা কৰাৰ মানসিকতা নাই বুলিও অভিযোগ উত্থাপিত হৈছে। বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতহে নমুনা পৰীক্ষা কৰে এইজন মেধাৱী ছাত্র সঞ্জীৱ তালুকদাৰৰ।

কোৰোণা পজিটিভ হোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। যাৰ ফলত দিশাহাৰা হৈ পৰিছে পৰিয়ালটো। কাৰাগাৰ কৰ্তৃপক্ষই মানৱতাৰ খাতিৰত সঞ্জীৱক সুস্থ কৰি ৰখাৰো অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।

About the author

+ posts