অহা সোমবাৰ অৰ্থাত্ ২০ জুলাইৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনল’ক ১। আনল’ক ১ত বহু ক্ষেত্ৰত থাকিব শিথিলতা। অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক ১। শণিবাৰে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
আনল’ক ১ ৰ গাইড লাইন-
- সকলো দোকান-বজাৰ খোলা থাকিব। পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব।
- বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান।
- ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। সকলোতে কোৰোণা পৰীক্ষা কৰিব লাগিব।
- ফেচমাস্ক পিন্ধিব লাগিব ৷ অন্যথা ১ হাজাৰ টকা জৰিমণা।
- সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, মালিকসকলে নিৰ্মাণ কাৰ্যকলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷
- সপ্তাহৰ আটাইকেইটা দিনতে গাখীৰ, শিশু খাদ্য পোৱা যাব।
- পাৰ্লাৰৰ,চেলুন চুলি কটাৰ বাবে খুলিব পাৰিব ৷
- কেব, অটো, ৰিক্সা চলাব পাৰিব ৷ কিন্তু চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব ৷ কিন্তু বন্ধ থাকিব ই-ৰিক্সা।
- ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৷
- সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে অব্যাহত থাকিব।
- চিটিবাছ বন্ধ থাকিব।
- হোটেল ৰেষ্টুৰেণ্ট সমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷
- E-commerce সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।
- সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত। কিন্তু বুধবাৰৰ পৰা বন্ধ হ’ব এই সেৱা।