৭ বাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৯০ বছৰীয়া ডাঃ ভূমিধৰ বৰ্মনৰ মতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৭১% ভোট লাভ কৰা বিৰোধী একগোট হ’লেই ৰাজ্যত চৰকাৰ গঠন হ’ব।

“জাতীয় কংগ্ৰেছ এটা পুৰণি দল, এই দলটোলৈ অসমত বিভিন্ন সময়ত চৰম বিপৰ্যয় আহিছিল, পিছত পুনৰ শক্তিশালী হৈ উঠে’’ – এই মন্তব্য কংগ্ৰেছৰ দুই বৰ্ষীয়ান নেতা ক্ৰমে ডাঃ ভূমিধৰ বৰ্মন আৰু আব্দুল মুহিব মজুমদাৰৰ।

দুয়োগৰাকী নেতাৰ মতে, অসমত জনতা দলৰ চৰকাৰৰ দিনত বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ অসম আন্দোলনৰ সময়ত হৈছিল মহা বিপৰ্যয়। অসম আন্দোলন আৰু অসম চুক্তিৰ সময়ত আনকি কংগ্ৰেছৰ নেতা–কৰ্মীক ৰাজহুৱাভাৱে এঘৰীয়া কৰিছিল বুলি কয় ভূমিধৰ বৰ্মনে। অসম আন্দোলনৰ পিছতে অগপ চৰকাৰ গঠনৰ সময়ত বহুতেই অসমত কংগ্ৰেছ সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যাব বুলি ভাবিছিল। দিন বাগৰাৰ লগে লগে পৰৱৰ্তী সময়ত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত পাঁচ বছৰ আৰু তৰুণ গগৈৰ নেতৃত্বত পোন্ধৰ বছৰ অসসত চৰকাৰ চলাইছিল জাতীয় কংগ্ৰেছে।

৭ বাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৯০ বছৰীয়া ডাঃ ভূমিধৰ বৰ্মনৰ মতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৭১% ভোট লাভ কৰা বিৰোধী একগোট হ’লেই ৰাজ্যত চৰকাৰ গঠন হ’ব। চাৰিবাৰৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন আইন মন্ত্ৰী ৯০ বছৰীয়া আব্দুল মুহিব মজুমদাৰ বৰ্তমান অসুস্থ। অসুস্থ শৰীৰেৰে মুহিব মজুমদাৰে ক’লে – কংগ্ৰেছৰ আকৌ ভাল দিন আহিব। IMDT আইনৰ স্ৰষ্টা প্ৰাক্তন আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে ভবিষ্যদ্বাণী কৰি কৈছে যে অতি সোনকালে এআইইউডিএফ দল কংগ্ৰেছত চামিল হ’ব আৰু বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব। নিজৰ ৰাজনৈতিক জীৱনত বহু উত্থান পতন প্ৰত্যক্ষ কৰা দুই প্ৰবীন নেতাই ২০২১ চনত কংগ্ৰেছে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে।

About the author

+ posts