
কোৰোণাৰ ভয়াৱহতাৰ মাজতে যোৰহাট চিকিত্সা মহাবিদ্যালয়ত লোৱা হৈছে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনৰ বহুকেইগৰাকী চিকিৎসক-চিকিৎসাকৰ্মীৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি।
যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত থকা মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয়ৰ আঠগৰাকী প্ৰসুতি আৰু পাঁচগৰাকী চিকিৎসাকৰ্মীৰ শৰীৰত পোৱা গৈছে কোৰোণা ভাইৰাছ। এই ঘটনাৰ পিছতে কেইবা মহলীয়া চিকিৎসালয়খনৰে এটা অংশত কোৰোণাত আক্ৰান্ত মাতৃ-শিশুৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ কোভিড চিকিৎসালয়ৰ।
আনহাতে কোভিড আক্ৰান্ত প্ৰসুতিৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ অস্ত্ৰোপচাৰ কক্ষৰ। কোভিড19 সংক্ৰমিত লোকৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত JMCHৰ কেজুৱেলিটি বিভাগটো কোৰোণা ৰোগীৰ বাবে বিশেষ চিকিৎসালয় তথা আই চি ইউ ৰূপে ব্যৱহাৰ কৰিবলৈ কৰা হৈছে। কেজুৱেলিটি বিভাগটো সাময়িকভাৱে স্থানান্তৰ কৰা হৈছে অপিডি কমপ্লেক্সলৈ।
আনহাতে যোৰহাটত শেহতীয়াকৈ কভিড19 সংক্ৰমণৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত JMCHৰ বিশেষ কোভিড চিকিৎসালয়ৰ বিচনাসমূহ ভৰ্তি হৈ পৰিছে। কিন্তু চিকিত্সাধীন প্ৰায় ৭৫ শতাংশ লোকৰ শৰীৰত নাই ৰোগৰ লক্ষণ। সেয়েহে এতিয়াৰে পৰা ৰোগৰ লক্ষণ থকা কোৰোণা সংক্ৰমিত লোকসকলকহে ভৰ্তি কৰোৱা হ’ব JMCHত ।
“JMCHৰ বিশেষ কোভিড চিকিৎসালয়ত এতিয়াৰে পৰা ৰোগৰ লক্ষণ থকা তথা অন্য জটিল ৰোগ থকা কোৰণাত আক্ৰান্তক ৰখাৰ ব্যৱস্থা কৰা হৈছে। লক্ষণহীন লোকসকলক জিলা প্ৰশাসনে অন্য কোভিড কেয়াৰ চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে। JMCHৰ কেজুৱেলিটিত কোৰোণা ৰোগীৰ বাবে আই চি ইউৰ ব্যৱস্থা কৰা হৈছে । বৃক্কৰ ৰোগত আক্ৰান্ত কোৰোণা সংক্ৰমিত লোকসকলৰ বাবে আছুতীয়া ডায়ালাইছিছ ইউনিটৰ ব্যৱস্থা কৰা হৈছে । ” JMCH ৰ অধীক্ষক ডাঃ পূৰ্ণীমা বৰুৱাই নিউজ18ক এনেদৰে কয়।