গুৱাহাটীত তিনি লাখ লোকৰ কোৰোণা পৰীক্ষা কৰা হ’ব

বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন সংবাদমেলৰ সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে, গুৱাহাটীত তিনি লাখ লোকৰ কোৰোণা পৰীক্ষা কৰিব পাৰিলেহে পৰিস্থিতি স্ৱাভাৱিক হোৱাৰ সম্ভৱনা। মহানগৰত ইতিমধ্যে ১ লাখ ১০ হাজাৰ লোকৰ কোৰোণা পৰীক্ষা কৰোৱা হৈছে।

ইফালে গুৱাহাটীত আৰম্ভ হ’ব আনল’ক ১। আনল’ক ১ ত কিছু কিছু ক্ষেত্ৰত শিথিলতা থাকিব। কিন্তু একেলগে সকলো সেৱা আৰম্ভ কৰা নহ’ব। আৰু আনল’ক ১ত দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অহা লোকসকল, কাৰ্যালয়লৈ অহা চৰকাৰী, বেচৰকাৰী কৰ্মচাৰী  সকলক বাধ্যতামূলক কোৰোণা পৰীক্ষা কৰোৱা হ’ব। এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে, 

  • আগষ্ট মাহত গুৱাহাটীৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। 
  • কোনোবা ব্যক্তিয়ে হোম isolation ত থাকিব বিচাৰিলে থাকিব পাৰিব ৷ মাত্ৰ ব্যক্তিগত চিকিৎসক থাকিব পাৰিব ৷
  • নাৰ্চিংহোম যাতে কোৰোণাৰ হটস্পত হব নোৱাৰে , তাৰ বাবে সকলোৱে ১৫ দিনৰ ভিতৰত কোভিড টেষ্ট কৰা মেচিন লগাব পাৰিব ৷
  • গুৱাহাটীত unlock প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ একেবাৰে ল’ক ডাউন উঠাই দিয়া নহ’ব ৷
  • গুৱাহাটীৰ বাদে শিলচৰ, যোৰহাট,ডিব্ৰগড়ত কোভিড ৰোগী বেছি পাইছে।
  • মুখ্য সচিবে জাননী দিব unlock ১ৰ সন্দৰ্ভত। আজি স্বাস্থ্য বিভাগে নিজৰ মতামত আগবঢ়াব।

About the author

+ posts