সন্তানহীন ঊষাৰ কেইবছৰমান পূৰ্বে স্বামীৰ মৃত্যু ঘটিছিল। স্বামীৰ আদ্যশ্ৰাদ্ধও ছাহানুৰৰ ঘৰতে সম্পন্ন কৰিলে।

এতিয়া সমাজৰ পৰা হেৰাই যোৱা নাই মানৱতা। কেঞ্চাৰ ৰোগত আক্ৰান্ত এগৰাকী বিধবা হিন্দু মহিলাক বিগত ১১ বছৰে আশ্ৰয় দিয়াৰ পিছত মৃত্যু হোৱাত কান্দোনত ভাগি পৰিল ইছলাম ধৰ্মাৱলম্বী এখন গাঁও। ইমানেই নহয়, অকলশৰীয়া মহিলাগৰাকীৰ মৃতদেহ সৎকাৰো কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে। ধুবুৰীৰ চাপৰ ৰঙামাটিত এই ঘটনা।

উল্লেখযোগ্য যে ২০১০ চনত এএনএম নাৰ্ছৰ চাকৰিসূত্ৰে চাপৰৰ চম্পাৱতী উপ-স্বাস্থ্য কেন্দ্ৰত যোগদান কৰিছিল শিলচৰৰ ঊষা বিশ্বাস নামৰ মহিলাগৰাকীয়ে। প্ৰথমতে ৰঙামাটি গাঁৱৰ ছাহানুৰ ৰহমানৰ ঘৰত  ভাড়াতীয়া হিচাপে থাকি ২০১১ বৰ্ষত বিবাহপাশত আৱদ্ধ হয় ঊষা। ভাড়াতীয়া হিচাপে থাকি ঊষাৰ সৈতে ছাহানুৰৰ পৰিয়ালটোৰ গঢ়ি উঠা আত্মীয়তাৰ বাবে ঊষা হৈ পৰিল ছাহানুৰৰ পৰিয়ালটোৰ এগৰাকী সদস্যাৰ দৰেই। ইয়াৰ মাজতে  ঊষাই চাকৰিৰ পৰাও  গ্ৰহণ কৰিলে অৱসৰ।

সন্তানহীন ঊষাৰ কেইবছৰমান পূৰ্বে স্বামীৰ মৃত্যু ঘটিছিল। স্বামীৰ আদ্যশ্ৰাদ্ধও ছাহানুৰৰ ঘৰতে সম্পন্ন কৰিলে। স্বামীৰ মৃত্যুৰ পিছতে ঊষা বিশ্বাস নামৰ মহিলাগৰাকী কৰ্কট ৰোগত  আক্ৰান্ত হয়।

ইয়াৰ পিছৰে পৰা বিগত কেইবাবছৰৰ পৰা শিলচৰলৈ আৰু উভতি নগ’ল ঊষা। ছাহানুৰৰ ঘৰতে কৰ্কট ৰোগৰ চিকিৎসা সেৱা গ্ৰহণ কৰি থকা ঊষাৰ আজি মৃত্যু ঘটিল। ঊষাৰ মৃত্যুত কান্দোনত ভাগি পৰিল ছাহানুৰৰ পৰিয়ালৰ লগতে ওচৰ–চুবুৰীয়া।

মৃত্যুৰ পিছত মহিলাগৰাকীৰ শৱদেহ ৰঙামাটিৰ ইছলাম  ধৰ্মীয় লোকে সাঙীত উঠাই লৈ গ’ল শ্মশানলৈ। শ্মশানতে ঊষাৰ এগৰাকী ভতিজাক গুৱাহাটীৰ পৰা আহি  ইছলাম ধৰ্মীয় লোকে সজা চিতাত মুখাগ্নি কৰি সৎকাৰ কাৰ্য সম্পন্ন কৰিলে।

চাপৰৰ এই মানৱতাৰ দৃশ্যই সকলো শ্ৰেণীৰ লোকৰে হৃদয় চুই গ’ল। যিসময়ত জাত–পাত আৰু ধৰ্মৰ নামত একাংশ লোকে সমাজত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাইছে, সেই সময়ত চাপৰৰ এইসকল লোকে দেখুৱালে মানৱতাৰ নিদৰ্শন।

About the author

+ posts