জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ নিৰ্দিষ্ট টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

২৪ঘণ্টা পূৰ্বেই এগৰাকী IPS–এ কৈছিল যে কেনেকৈ হ’ব বিকাশ ডুবেৰ এনকাউণ্টাৰ। তেওঁৰ সেই বিশেষ টুইট এতিয়া ভাইৰেল হৈছে। উত্তৰ প্ৰদেশৰ মষ্ট ৱাণ্টেড অপৰাধীজন গ্ৰেপ্তাৰ হোৱাৰ পৰা এনকাউণ্টাৰলৈকে বহুতেই বিভিন্ন প্ৰশ্ন কৰা দেখা গৈছে। সকলোতকৈ অধিক প্ৰশ্ন উত্থাপন হৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওপৰত। বিৰোধীয়েই নহয় আৰক্ষী বিভাগৰো একাংশ শীৰ্ষ বিষয়াই এই এনকাউণ্টাৰত প্ৰশ্ন তুলিছে।

‘আজতক’ত প্ৰকাশ পোৱা খবৰ মতে, মাত্ৰ ২৪ঘণ্টা পূৰ্বে এজন আইপিএছ বিষয়াই কৈছিল কেনেকৈ হ’ব বিকাশ ডুবেৰ এনকাউণ্টাৰ। জ্যেষ্ঠ আৰক্ষী বিষয়া অমিতাভ ঠাকুৰৰ এদিন পুৰণি এই টুইট এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। তেওঁ নিজৰ এই টুইটত আৰক্ষীৰ কাৰ্যব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে।

২৪ঘণ্টা পূৰ্বে IPS জনে কৈছিল যে বিকাশ ডুবেই চাৰেণ্ডাৰ কৰিছে, হয়তো কাইলৈ সি ইউপি পুলিছৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিব, মৰিব। এনেকৈ বিকাশ ডুবেৰ চেপ্তাৰ ক্লজ হৈ যাব। কিন্তু মোৰ দৃষ্টিৰে আচলতে এই কাণ্ডত উত্তৰ প্ৰদেশ আৰক্ষীৰ ভিতৰুৱা লেতেৰাখিনি সততাৰে চাই তাৰ ওপৰত নিৰপেক্ষ আৰু কঠোৰ কাৰ্যব্যৱস্থা হ’ব লাগে।

ইয়াৰ পূৰ্বে বিকাশ ডুবে সন্দৰ্ভত তেওঁ লগতে কৈছিল যে আমি বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলো। সি উজ্জয়িনীত চাৰেণ্ডাৰ কৰিলে। ইমান ডাঙৰ ঘটনাৰ পিছত বিভিন্ন ঠাইৰ মাজেৰে ঘুৰি ইমান দূৰলৈকে গুচি গ’ল। মই ভাবো এই ক্ষেত্ৰতো গভীৰভাৱে তদন্ত হ’ব লাগে।

এনকাউণ্টাৰৰ পিছতো তেওঁ আৰক্ষীৰ ওপৰত প্ৰশ্ন তুলিছে যে ইমান লৰালৰি কিয় কৰা হ’ল? কাক বচোৱা হ’ল?

About the author

+ posts