কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে উকালতি কৰিব উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা শীৰ্ষ কংগ্ৰেছ নেতা চালমান খুৰচিদে ৷

বিজেপিত যোগদান কৰিলে ১০ কোটি টকা দিয়াৰ প্ৰলোভন অখিল গগৈক। এই মহা অভিযোগ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। বৃহস্পতিবাৰে যোৰহাটত এখন সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য জ্যেষ্ঠ অধিবক্তা হেমেন বৰাৰ। সংবাদমেলত অধিবক্তাগৰাকীয়ে কোৰোণাৰ সময়ত অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিবলৈও আহ্বান জনায়।

হেমেন বৰাই কয় যে, ‘সিং উপাধিৰ এজন বিষয়াই অখিলক আৰ এছ এছ আৰু বিজেপিত যোগদান কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ বিনিময়ত অখিলক ১০ কোটি টকা দিয়াৰো প্ৰস্তাৱ দিয়া হৈছিল। আৰু প্ৰস্তাৱ মানি ল’লে কাৰাগাৰৰ পৰা স-সন্মানেৰে অখিল গগৈক উলিয়াই অনা হ’ব বুলিও প্ৰলোভন দিছিল সিঙে।’

আনকি সিঙে দিয়া চৰ্ত মানি ল’লে অখিল গগৈয়ে বিজেপিৰ সমৰ্থনত কাম কৰিব লাগিব। হেমেন বৰাই লগতে কয় যে, ‘ অখিল গগৈক নিয়া বিষয়াই হিন্দু ৰাষ্ট্ৰ গঢ়াত ভুমিকা ল’বলৈ কোৱাৰ লগতে মছজিদ আৰু গীৰ্জাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ কোৱা হৈছিল বুলিও অভিযোগ কৰে অধিবক্তাগৰাকীয়ে।’ হেমেন বৰাৰ মতে, নিয়াৰ কাৰ্যালয়তে দিয়া হৈছিল অখিল গগৈক এই প্ৰস্তাৱ।

ইফালে, কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে উকালতি কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা শীৰ্ষ কংগ্ৰেছ নেতা চালমান খুৰচিদে ৷ তদুপৰি তেওঁক সহায় কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সাংসদ বিবেক টাংখাই ৷ এই কথা জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

About the author

+ posts