জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ নিৰ্দিষ্ট টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

উত্তৰ প্ৰদেশৰ কাণপুৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাত মৃত্যু হৈছে। ঘটনাৰ বিৱৰণী মতে, উত্তৰ প্ৰদেশ এছ টি এফৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়, যিখনত মধ্য প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা ম’ষ্ট ৱাণ্টেড অপৰাধী বিকাশ ডুবে আছিল। বৰৰা থানা এলেকাৰ সমীপত এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাহনখন বাগৰি পৰে। সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাৰ পিছতে গাড়ীত থকা ডুবেই পলায়নৰ চেষ্টা কৰে আৰু সংঘৰ্ষত নিহত হয়। জানিব পৰা মতে, বিকাশ ডুবেৰ মৃতদেহ হেলট হাস্পতালত ৰখা হৈছে। এছএছপি আৰু হাস্পতালখনৰ চিকিৎসকে বিকাশ ডুবে নিহত হোৱাৰ কথা নিশ্চিত কৰিছে।

জানিব পৰা মতে, গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত এছ টি এফৰ আৰক্ষীৰ পিষ্টল কাঢ়ি বিকাশ ডুবেই পলায়নৰ চেষ্টা চলায়। সেই সময়তে আৰক্ষীৰ দলে বিকাশ ডুবেলৈ গুলীচালনা কৰে। আৰক্ষীৰ মতে, বেয়া বতৰৰ বাবে গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখনত দুজন কামাণ্ডোৰ মাজত বিকাশ বহিছিল। সূত্ৰ অনুসৰি, আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিকাশ সিঙক হাস্পতাললৈ লৈ যোৱা হৈছিল। হাস্পতালত মৃত্যু হয় গেংষ্টাৰজনৰ।

উত্তৰ প্ৰদেশৰ ম’ষ্ট ৱাণ্টেড অপৰাধী বিকাশ ডুবেক উজ্জেইনত গ্ৰেপ্তাৰ কৰা হৈছিল। মধ্য প্ৰদেশ আৰক্ষীয়ে ডুবেক উত্তৰ প্ৰদেশ আৰক্ষীক চমজাই দিয়ে। তাৰ পিছতে এছ টি এফে গাড়ীৰে কাণপুৰলৈ লৈ আহিছিল বিকাশ ডুবেক। আহি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মহাকাল মন্দিৰৰ চৌহদত এজন লোকে নিজকে বিকাশ ডুবে বুলি চিঞৰি চিঞৰি পৰিচয় দিছিল। মন্দিৰ চৌহদত থকা সুৰক্ষাকৰ্মীয়ে লোকজনক ধৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লোকজনক কৰায়ত্ত কৰাৰ সময়তো চিঞৰি চিঞৰি কৈছিল – মই বিকাশ ডুবে, কাণপুৰৰ।

About the author

+ posts