ফৰহাদ ভূঞা, বৰপেটা, ৯ জুলাই: যোৱা কিছুদিনৰ পৰা বতৰ ফৰকাল হোৱা লগে লগে বৰপেটা জিলাৰ বান পৰিস্থিতিৰ যথেষ্ট উন্নত হৈছিল যদিও যোৱা নিশাৰে পৰা পুণৰ বৰষুণ হোৱাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলস্তৰ পুণৰ বৃদ্ধি পাবলৈ ধৰিছে। আজি ব্ৰহ্মপুত্ৰৰ পানী বহৰিত বিপদ সীমাৰ সামান্য ওপৰেৰে বৈ থকাৰ বিপৰীতে কালিলৈকে শুকাবলৈ ধৰা বেকী, কালদিয়া, পহুমাৰা আৰু ভেলেঙী নৈৰ পানী পুণৰ উফন্দি উঠি আজি বিপদ সীমাৰ ওপৰেৰে বৈ আছে।
এই পৰ্যন্ত জিলাখনত এইবাৰৰ বানত ৬৯২ খন গাঁঁৱৰ ৯ লাখ ৭৩,৮৭২ জন লোক আৰু ১৬, ৭৫৮ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্থ হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই তথ্য সদৰি কৰি জনোৱা মতে ক্ষতিগ্ৰস্থ লোক সকলৰ বাবে ৪৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ উপৰি ৩১ টা সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হয়। এই শিবিৰ আৰু কেন্দ্ৰ সমূহৰ জৰিয়তে ২৪,৭৪১ কুইন্টল চাউল, ৪,৫৮৫ কুইন্টল দাইল, ১২১৭ কুইন্টল নিমখ, ২১,৩৬০ কুইন্টল পশু-খাদ্য আৰু ৬১, ৭৫২ খন তিৰ্পাল বিতৰণ কৰা হৈছে। ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ চলাই থকাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা বান ক্ষতিগ্ৰস্থৰ উদ্ধাৰ আৰু সাহাৰ্য প্ৰদানৰ কামো পূৰ্ণ গতিত চলাই থকা হৈছে।
উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে। দুৰ্দশাগ্ৰস্থ কোনো লোক যাতে সাহাৰ্যৰ পৰা বঞ্চিত নহয় তাৰ বাবে চক্ৰ বিষয়া সকলক কঠোৰ নিৰ্দেশ দিছে। এইবাৰ ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত মাস্ক, ছেনিটাইজাৰ, চাবোন আদিও বিতৰণ কৰা হৈছে। জনসংযোগ বিষয়াই দিয়া তথ্য অনুসৰি ৮৫১৬ খন মাস্ক, ৬৬৮ টুকুৰা চাবোন, ৬৫৬ টা ছেনিটাইজাৰৰ উপৰি প্ৰয়োজন অনুসাৰে শিশু খাদ্য, মমবাতি, দিয়াচলাই আদিও বিতৰণ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ক্ষতিগ্ৰস্থ লোক সকলৰ খোৱা পানীৰ বাবে ৫৬১ টা দমকল বহোৱা হৈছে।
বিভাগৰ পানী বিশুদ্ধিকৰণ যানৰ জৰিয়তে ৪২ হাজাৰ পানীৰ পেকেটো বিতৰণ কৰা হৈছে। পানী বিশুদ্ধিকৰণৰ বাবে ব্লিছিং পাউদাৰৰ পেকেটো দি থকা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়ে এই তথ্য সদৰি কৰি কয় যে, পশু চিকিৎসা বিভাগৰ তৰফৰ পৰাও ক্ষতিগ্ৰস্থ অঞ্চল সমূহত সঘনাই চিকিৎসা আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰি থকা হৈছে। এতিয়ালৈকে চলিত বানত প্ৰায় ২, ৯৪, ৯২৯ টা গৰু-মহ আৰু ১,৪৪,৬৬২টা ভেৰা-ছাগলী ক্ষতিগ্ৰস্থ হৈছে। চাৰিটা গৰু পানীত উটি গৈছে। আনহাতে ৭জন লোকৰ বানত মৃত্যু মুখত পৰিছে।