শইকীয়াই কয় যে বিগত সময়চোৱাত অসমত ‘কা’ আন্দোলনৰ লগত জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য বিভিন্ন দল সংগঠনৰ লগত জড়িত নেতা কৰ্মীৰ ওপৰত চৰকাৰখনে বিভিন্ন গোচৰ আদি জাপি এটা শান্তিপূৰ্ণ আন্দোলন দমন কৰিব প্ৰচেষ্টা কৰি আহিছে,তাৰ বিৰুদ্ধে সকলোৰে লগতে তেওঁ লোকেও প্ৰতিবাদ কৰি আহিছে আৰু অনাগত সময়ত আৰু তীব্ৰতৰ আন্দোলন কৰি যাব বুলি মত প্ৰকাশ কৰে ।
যোৱা সময়ত অসম বিধান সভাৰ ১মাৰ্চৰ অধিবেশনত চৰকাৰখনে গণতান্ত্ৰিক অধীকাৰ খৰ্ব কৰি আন্দোলনকাৰী সকলৰ বিৰুদ্ধে বিভিন্ন গোচৰত অভিযুক্ত কৰি কুটা শালত বন্দি কৰি থোৱাৰ প্ৰতিবাদত বিৰোধী হিচাপে শাসক দলৰ বিৰুদ্ধে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ অনাৰ লগতে অখিল গগৈ আৰু অন্যান্য সকলক মুক্তি দিব লাগে বুলিও দাবী উত্থাপন কৰিছিল।
কিন্তু বৰ্তমান কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৰ্য্য কোঁৱৰ, বিদ্যুৎ সোণোৱাল, মানস কোঁৱৰ আৰু অন্যান্য সকলৰ স্বাস্থ্যৰ অৱনতি দেখা গৈছে, কাৰাগাৰ কতৃপক্ষই যেনেধৰনে তৎকালিন যাৱতীয় ব্যৱস্থা লৱ লাগে সেই দায়িত্ব পালন কৰা নাই।
চৰকাৰখনৰ অসংবেদনশীলতাৰ নমুনা তেতিয়া পোৱা গ’ল যেতিয়া কোৰ্টৰ পৰা আদেশ পোৱাৰ পিছতহে তেখেত সকলক চৰকাৰে স্বোৱেব টেষ্টৰ ব্যৱস্থা কৰিলে। লগতে যি তিনিজন ব্যক্তি অখিল গগৈ, ধৰ্য্য কোঁৱৰ আৰু বিতুল সোণোৱালৰ স্বোৱেব টেষ্ট কৰা হৈছিল তাৰে দুজনৰ ৰিজাল্ট পজিটিভ হৈছে। কিন্তু অখিল গগৈৰ ৰিজাল্ট এতিয়াও জনোৱা হোৱা নাই। যোৱা সময়চোৱাত অসমৰ স্বাস্থ্য বিভাগে যিমান লোকৰ স্বোৱেব টেষ্ট কৰিছে বহুতৰে ৰিজাল্ট খেলি-মেলি ওলাইছে বুলি ইতিপূৰ্বে গম পোৱা গৈছে।
এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে কৈছে টাইপিং এৰ’ৰ কিন্তু তেওঁলোকে কৈছিল যে ক্লিনিকেল ডাইগোনেষ্টিক এৰ’ৰ।
ইয়াৰোপৰি বৰ্তমান অখিল গগৈৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি দেৱব্ৰত শইকীয়াই পূৰ্বৰে পৰা উত্থাপন কৰি অহা দাবী অনুসৰি কিছু মন্তব্য প্ৰকাশ কৰে ।
তেখেত কয় যে
1.
অখিল গগৈ কে ধৰি বাকি সকলক চৰকাৰে অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুক্ত কৰিব লাগে আৰু তেখেত সকলৰ উন্নত চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি কৰাব লাগে।
2.বৰ্তমান ক’ৰোনা মহামাৰী সময়ত তেখেত সকলে যাতে পৰিয়ালৰ লগত থাকিব পাৰে তাৰ বাবে তেখেত সকলৰ কাৰাগাৰৰ পৰা ৰেহাইৰ ব্যৱস্থা কৰিব লাগে।
ইয়াৰ উপৰিও আগন্তুক সময়ত অখিল গগৈৰ যি বেইল আবেদনৰ শুনানী হ’ব লগীয়া আছে তাত শইকীয়াই দলৰ ফালৰ পৰা তেখেত সকলক সম্পূৰ্ণ আইনী সহায় আগবঢ়াম বুলিও উল্লেখ কৰে ।
আগতে ঘোষণা কৰা অনুসৰি শইকীয়াই হাইকামাণ্ডক দিল্লীত এই সম্পৰ্কে জনাইছিল তাৰ পিছতে তেওঁক জনোৱা হয় যে, কংগ্ৰেছ দলৰ সাংসদ তথা আইনি কোষৰ চেয়াৰমেন সৰ্বভাৰতীয় ৰাজ্যিক সভাৰ সদস্য শ্ৰী বিবেক টাংখা ডাঙৰীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী চালমান খুৰছিদ ডাঙৰীয়াই আগন্তক সময়ত কৃষক মুক্তিৰ নেতা সকলৰ যি বেইল আবেদন হ’ব এই বেইল আবেদনৰ সময়ত তেখেত সকলে সহায় কৰিব।
এই ক্ষেত্ৰত শইকীয়াই আশা কৰে যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে যেনেধৰনে ভূৱা গোচৰত তেখেত সকলক হাৰাশাস্তি কৰিবলৈ বৰ্তমানৰ শাসক পক্ষই বন্দী কৰি থৈছে তাৰ প্ৰতিবাদত যেনেধৰনে আইনি পদক্ষেপ লব এই ক্ষেত্ৰত তেওঁলোকক ন্যায় দিব।
এই চেগতে অখিল গগৈৰ বেইল আবেদনৰ শুনানিৰ সময়ত নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ তৰফৰ পৰা সাংসদ শ্ৰী বিবেক টাংখা আৰু প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী শ্ৰী চালমান খুৰছিদে অখিল গগৈৰ হৈ ওকালতি কৰিম বুলি আস্বাস দিয়াৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সভানেত্ৰী আৰু নেতা ৰাহুল গান্ধী আৰু লিগেল ডিপাৰ্টমেণ্টক দলপতি শইকীয়াই আন্তৰিক ধন্যবাদ জনায় ।

নিপন বৰগোহাঁইৰ ৰিপোৰ্ট