
Indian Medical Association চমুকৈ IMA-এৰ অসম শাখাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ Covid – 19ক প্ৰতিহত কৰিবলৈ লোৱা কিছু পদক্ষেপত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । ক্ষোভ ব্যক্ত কৰি সংগঠনটোৰ ৰাজ্যিক সভাপতি আৰু সম্পাদক ক্ৰমে ড৹ সত্যজিৎ বৰা আৰু ড৹ হেমাংগ বৈশ্যই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰে ।
পত্ৰ খনৰ যোগেদি ডাক্তৰ আৰু স্বাস্থ্য কৰ্মীক ১১ দিন অবিৰত ভাৱে দায়িত্ব পালন কৰিবলৈ দি তাৰ পাছত তিনি দিন বিৰতি, আৰু বিৰতিৰ অন্তত যদিহে Covid নিগেটিভ হয় তেন্তে পুনৰ দায়িত্বত নিয়োজিত কৰাৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনটোৱে । এই গৰমৰ দিনত PPE Kit পৰিধান কৰি অবিৰত গতিত কোনো ধৰণৰ শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ কাম কৰাটো ডাক্তৰ আৰু আন স্বাস্থ্য কর্মীৰ কাৰণে কিমান জটিল সেই কথাও স্বাস্থ্য মন্ত্ৰীক উনুকিয়াই দিয়া হ’ল পত্ৰখনত ।
Covid – 19 প্ৰতিহত কৰাৰ যুঁজত নিয়োজিত স্বাস্থ্য কৰ্মী সকলৰ Covidৰ পৰীক্ষা antigen test পদ্ধতিৰে কৰাৰ সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা কৰিছে IMA-এ । কাৰণে ইতিমধ্যে ICMR-এ ঘোষণা কৰিছে যে এই পৰীক্ষা পদ্ধতি কম ফলপ্ৰসূ আৰু যদিহে নিগেটিভ ফলাফল দিয়ে তেন্তে আন উচ্চ মানৰ পৰীক্ষা পদ্ধতিৰে ইয়াক সুনিশ্চিত কৰিব লাগে।

উল্লেখযোগ্য যে IMA-এ উপসৰ্গ নথকা আক্রান্ত সকলক ICMRৰ নিয়মাৱলী অনুসৰি স্ব–গৃহতে চিকিৎসাৰ গ্ৰহণ কৰাৰ নীতি কাৰ্যকৰী কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক দাবী জনায় । তেনে কৰিলে ডাক্তৰ আৰু স্বাস্থ্য কৰ্মী তথা হস্পিতাল সমূহত হেঁচা কম পৰিব আৰু উপসৰ্গ থকা তথা আন বেমাৰৰে আক্ৰান্ত সকলে উচিত চিকিৎসা লাভ কৰিব – এই কথা পত্ৰত উল্লেখ ।
শেষত IMAৰ অসম শাখাই চৰকাৰক সিদ্ধান্ত সমূহ লওঁতে বিশেষজ্ঞ আৰু ডাক্তৰৰ পৰামৰ্শ ল’বলৈ দাবী জনাইছে আৰু বন্ধ কোঠাত নিজৰ মাজতে আলোচনা কৰি সিদ্ধান্ত নল’বলৈ সকীয়াই দিছে ।