প্ৰেম, প্ৰতাৰণা আৰু পলায়ন! নিলৰ্জ্জ কাহিনীৰ আঁৰত প্ৰাক্তন ছাত্ৰ নেতা!

ঘৃণনীয়! প্ৰেমৰ জালত পেলাই যুৱতীক প্ৰথমে কৰিলে অন্তঃসত্ত্বা। তাৰ পিছত গৰ্ভপাত কৰাব নোৱাৰি কৰিলে পলায়ন। এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ কাণ্ডত এতিয়া লজ্জিত নলবাৰী। অভিযোগৰ আঙুলি উঠা লোকজনৰ নাম মৃদুল ডেকা। প্ৰাক্তন ছাত্ৰ নেতা মৃদুল ডেকা বৰ্তমান এগৰাকী চৰকাৰী কৰ্মচাৰীও। লগতে কেইবাটাও ব্যৱসায়ৰ লগতো জড়িত দুটা সন্তানৰ পিতৃ মৃদুল।

নলবাৰী চহৰত আছে মৃদুলৰ  ‘ব্ৰাইট অফচেট’ নামৰ এটা প্ৰেছ। ২০১৩চনৰ পৰা প্ৰেছটোত কৰ্মৰত অৱস্থাত আছিল এগৰাকী যুৱতী। যুৱতীগৰাকীক বিবাহ কৰোৱাৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক চলোৱাৰ অভিযোগ মৃদুলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি সাত বছৰীয়া এই প্ৰেমৰ সম্পৰ্কত যুৱতী গৰাকীয়ে পাঁচবাৰতকৈও অধিক বাৰ গৰ্ভধাৰণ কৰিছিল। আৰু প্ৰতিবাৰে সকলো প্ৰমাণ গোপনে ৰখাৰ স্বাৰ্থত মৃদুলে কৰাইছিল গৰ্ভপাত।

কিন্তু ল’ক ডাউনৰ বাবে এইবাৰ নিজেই জালত পৰিল মৃদুল।

যুৱতীগৰাকীয়ে গৰ্ভধাৰণ কৰা চাৰি মাহ পাৰ হৈ যোৱাৰ পিছত মৃদুল ডেকাৰ সকলো দুৱাৰ যেন বন্ধ হৈ পৰিছিল। কোৰোণা আতংকৰ বাবে গৰ্ভপাত কৰিব নোৱাৰি ৮ জুনৰ দিনা যুৱতীগৰাকীক অপহৰণ কৰে মৃদুল ডেকাই। আৰু পিছত ১২ জুনৰ দিনা যুৱতীক এৰি পলায়ন কৰে মৃদুল। উপায়ন্তৰ হৈ ১৫ জুনত দুৰ্ভগীয়া যুৱতী গৰাকীয়ে মাতৃ আৰু ভগ্নীৰ সহায়ত নলবাৰী সদৰ থানাত লম্পট মৃদুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে মৃদুলৰ বিৰুদ্ধে 318/20 Case নম্বৰৰ অধীনত 376/420/312 IPC ধাৰাত ৰুজু কৰে গোচৰ।কিন্তু আজি পৰ্যন্ত মৃদুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

About the author

+ posts