অসম আন্দোলনৰ ফচল ডিব্ৰুগড়ৰ BCPLত চলিছে এতিয়া একাংশ বাহিৰাগত কৰ্মচাৰীৰ গুণ্ডাৰাজ।

BCPLত বহিৰাগত কৰ্মচাৰীৰ অতপালি! অসম আন্দোলনৰ ফচল ডিব্ৰুগড়ৰ BCPLত চলিছে এতিয়া একাংশ বাহিৰাগত কৰ্মচাৰীৰ গুণ্ডাৰাজ।পুনৰ BCPত বহিৰাগত কৰ্মচাৰীয়ে আক্ৰমণ কৰিলে অসমীয়াক। কৰ্মৰত অৱস্থাত গুৰুতৰ ভাবে প্ৰহাৰ কৰে এজন অসমীয়া যুৱকক।

দীপাংকৰ দাস নামৰ যুৱকজনক কৰ্মৰত অৱস্থাত দক্ষিণ ভাৰতৰ ৰাম প্ৰসাদ নামৰ এজন কৰ্মচাৰীয়ে প্ৰহাৰ কৰা ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে। BCPLৰ ডাটা চেণ্টাৰত নিশাৰ ভাগত কৰ্মৰত অৱস্থাত এনেদৰে প্ৰহাৰ কৰিছিল দীপাংকৰক। ইয়াৰ পাছতে আছুকে ধৰি ছাত্র সংগঠনে জাঙুৰ খাই উঠিছে BCPL কৰ্তৃপক্ষৰ বিৰুদ্ধে। এক লাখ থলুৱা যুৱকক সংস্থাপন প্ৰতিশ্ৰুতি প্ৰদান কৰা BCPত বৰ্তমান ৭০শতাংশ কৰ্মচাৰীয়ে বাহি:ৰাজ্যৰ।

ইয়াৰ উপৰিও বিভিন্ন সময়ত অসমীয়া বিদ্বেষী মনোভাৱ গ্ৰহণ কৰি অহা BCPL কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে বিভিন্ন দল-সংগঠন। শীঘ্ৰে অনা অসমীয়া কৰ্মচাৰী জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো দিছে হুংকাৰ। ঘটনাৰ পাছতেই দীপাংকৰ দাসে থানাত দক্ষিণ ভাৰতৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে এজাহাৰ  দাখিল কৰিছে ।

BCPLকৰ্তৃপক্ষই ইতিমধ্যে এখন তদন্ত সমিতি গঠন কৰি বিষয়টোৰ সন্দৰ্ভত তদন্ত চলি থকা বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে, অসম চুক্তিৰ আধাৰত ডিব্ৰুগড়ৰ লেপেটকটাত স্থাপিত গেছ ক্ৰেকাৰ প্ৰকল্পত থলুৱা নিযুক্তি ক্ষেত্ৰতো বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে প্ৰকল্পত এজন অসমীয়া যুবকক কৰ্মৰত অৱস্থাত এনেদৰে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

About the author

+ posts