পাঁচ জুলাইৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব আনল’ক। ৫ জুলাইৰ পৰা ১২ জুলাইলৈ মহানগৰীত আনল’ক ৷ পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ খুলিব পাৰিব কেতবোৰ প্ৰতিষ্ঠান ঃ
- ২০ শতাংশ গেলামালৰ দোকান খুলিব পাৰিব ৷
- ফলমূল আৰু শাক-পাচলি ঘৰে ঘৰে ব্যৱসায়ীয়ে দিব পাৰিব ৬ আৰু ৮ জুলাইত ৷ এই দুটা দিনত পুৱা ৮ বজাৰ পৰা ২ বজালৈ ঘৰে ঘৰে যোগান ধৰিব পাৰিব ৷
- ঔষধ আৰু ঔষধজাত সামগ্ৰীৰ পাইকাৰী বজাৰ খুলিব পাৰিব ৬ আৰু ৮ জুলাইত ৷ এই দুটা দিনৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ চলাব পাৰিব এই ব্যৱসায় ৷
- ই-কমাৰ্চ কেৱল এদিনৰ বাবে খুলিব পাৰিব ৷ দহ জুলাইত পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ খুলিব পাৰিব ৷
- ডাকঘৰ আৰু জীৱন বীমা নিগম ১০% কৰ্মচাৰীৰে খুলিব পাৰিব ৷ দুয়োটা কাৰ্যালয়ৰ ১০% শাখাহে খুলিব পাৰিব ৷

এই আনল’কত পদপথত কোনো ফলমূল, শাকপাচলি, মাছ আদিৰ দোকান দিব নোৱাৰিব ৷ গুৱাহাটী মহানগৰীত আনলক ঘোষণা কৰি এই নিৰ্দেশনা জাৰি কৰিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷