
বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এতিয়ালৈকে তেওঁৰ অনুৰাগীসকলে বেদনা পাহৰিব পৰা নাই। ইয়াৰ মাজতে সুশান্তৰ মৃত্যুৰ সৈতে জৰিত এই ডাঙৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়া খবৰ মতে সুশান্ত সিং ৰাজপুতে ১৪জুনত আত্মহত্যা কৰাৰ পূৰ্বে নিজৰ নামৰ সৈতে জৰিত খবৰ গুগলত চাৰ্চ কৰিছিল।
ৰিপ’ৰ্টমতে, ছুইছাইডৰ পূৰ্বে সুশান্তই নিজৰ কিছু খবৰ পঢ়িছিল আৰু লগতে কেতবোৰ নিউজ ৱেবছাইট চাৰ্চ কৰিছিল। এই তথ্য প্ৰকাশ পাইছে সুশান্তৰ ম’বাইলৰ প্ৰাথমিক ফৰেনচিক ৰিপ’ৰ্টত। ৰিপ’ৰ্টমতে সুশান্তই ১৪জুনৰ পুৱা প্ৰায় ১০.১৫বজাত ম’বাইলত গুগলত নিজৰ নাম চাৰ্চ কৰিছিল। তেওঁ কিছু নিউজ আৰ্টিকল পঢ়ে আৰু তাৰ কিছু সময় পিছতে তেওঁ নিজৰ ম’বাইল ব্ৰাউজাৰ বন্ধ কৰি দিছিল।
কোৱা হৈছে যে সুশান্তই নিজৰ বিষয়ে প্ৰকাশিত আৰ্টিকলছত নিজৰ ইমেজক লৈ অতি অশান্ত হৈ পৰিছিল। তেওঁৰ আত্মীয়সকলেও আৰক্ষীক এই সন্দৰ্ভত দিয়া বিবৃতিত এই কথা উল্লেখ কৰিছে যে বিগত কিছু দিনৰ পৰা তেওঁ নিজৰ ইমেজক লৈ অস্বস্তিত আছিল। তেওঁ আশংকা কৰিছিল যে একাংশ লোকে তেওঁৰ ইমেজ আৰু কেৰিয়াৰ ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে।
উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কাৰণে দমবন্ধ হৈ হোৱাৰ কথা পোষ্টমৰ্টেম ৰিপ’ৰ্টত প্ৰকাশ পাইছে। যোৱা ১৪জুনত সুশান্তই নিজৰ বান্দ্ৰা স্থিত ঘৰত ফাঁচি লগাই আত্মহত্যা কৰে। অৱশ্যে এই কথা এতিয়ালৈ পোহৰলৈ অহা নাই যে সুশান্তই এই কাম কিয় কৰিলে। মুম্বাই আৰক্ষীয়ে এই হাই প্ৰফাইল কেচৰ ব্যক্তিগত আৰু পেছাদাৰী সকলো দিশ চালি–জাৰি চাই আছে। এতিয়ালৈকে কমেও ৩০জন লোকক সোধা–পোচা কৰা হৈছে।