১৫ আগষ্টত কোৰোণাৰ ভেকচিন COVAXIN মুকলি হ’ব পাৰে।

দেশত তীব্ৰ গতিৰে বৃদ্ধি পোৱা কোৰোণা সংক্ৰমণৰ মাজতে আহিছে ভাল খবৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ (Health Ministry) সূত্ৰমতে অতি শীঘ্ৰেই দেশত কোৰোণাৰ ভেকচিন কভেক্সিন (COVAXIN) মুকলি হ’ব পাৰে। এই ভেকচিন ফাৰ্মাচিউটিকেল কোম্পানী ভাৰত বায়’টেকে প্ৰস্তুত কৰিছে। ICMR–এ ভাৰত বায়’টেকক কৈছে যে ক্লিনিকেল ট্ৰায়েলৰ এপ্ৰুভেল শীঘ্ৰেই লওক আৰু ৭জুলাইৰ পৰা ট্ৰায়েলৰ কারেম ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰি দিয়ক। অৱশ্যে ভাৰত বায়’টেকে এই ক্ষেত্ৰত কোনো ধৰণৰ টিপ্পণী কৰিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ্যযোগ্য যে, ফাৰ্মাচিউটিকেল কোম্পানী ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিনক হিউমেন ট্ৰায়েলৰ অনুমতি প্ৰদান কৰা হৈছে। আইচিএমআৰৰ তৰফৰ পৰা কোৱা হৈছে যে ৭জুলাইৰ পৰা এই ভেকচিনৰ হিউমেন ট্ৰায়েল আৰম্ভ কৰা হ’ব। আইচিএমআৰৰ মতে যদি হিউমেন ট্ৰায়েলত সকলো ঠিকে থাকিলে অতি শীঘ্ৰেই কভেক্সিন মুকলি কৰি দিয়া হ’ব। যদি সেয়া হয় তেনেহ’লে ভাৰত বায়’টেকৰ ভেকচিন মাৰ্কেটত সকলোতকৈ আগত মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে, ICMRৰ মুৰব্বী ডাঃ বলৰাম ভাৰ্গৱে কৈছে যে ৭জুলাইৰ পৰা এই ভেকচিনৰ হিউমেন ট্ৰায়েল আৰম্ভ হ’ব আৰু শীঘ্ৰে ইয়াক বজাৰত অনাৰ প্ৰস্তুতি কৰা হৈছে। ICMRৰ সূত্ৰমতে এই ক্ষেত্ৰত এখন পত্ৰও জাৰি কৰা হৈছে কিন্তু এয়া কেৱল এক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ অংশ।

তাৎপৰ্যপূৰ্ণ যে হায়দৰাবাদৰ ফাৰ্মা কোম্পানী ভাৰত বায়’টেকৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে কভেক্সিনৰ ফেজ ১ আৰু ফেজ ২ৰ হিউমেন ট্ৰায়েলৰ কাৰণে মঞ্জুৰি লাভ কৰিছে। কোম্পানীয়ে তেওঁলোক সম্পূৰ্ণ সাজু হোৱাৰ কথা উল্লেখ কৰি জুলাইৰ প্ৰথম সপ্তাহত হিউমেন ট্ৰায়েল আৰম্ভ কৰা হ’ব। ভাৰত বায়’টেকে প্ৰস্তুত কৰা ঔষধ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায় আৰু কোম্পানীয়ে ইয়াৰ পূৰ্বে পলিঅ’, ৰেবিজ, চিকনগুনিয়া, জাপানীজ এনকেফেলাইটিছ, ৰোটা ভাইৰাছ আৰু জিকা ভাইৰাছৰো ভেকচিন প্ৰস্তুত কৰিছে।

About the author

+ posts